পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত পাকিস্তানৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰতিদ্বন্দ্বী নৱাজ শ্বৰীফ আৰু ইমৰাণ খান দুয়োজনেই বিজয়ৰ দাবী উত্থাপন কৰিছে।
যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত একক দল হিচাপে সৰ্বাধিক আসন লাভ কৰে নৱাজ শ্বৰীফৰ দলটোৱে। কিন্তু নিৰ্বাচনত দলীয় প্ৰতীকত বাধা পোৱা কাৰাবন্দী ইমৰাণ খানৰ সমৰ্থকসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সৰ্বাধিক আসন লাভ কৰি আগবাঢ়ি আছে।
নৱাজ শ্বৰীফে কয়, “তেওঁৰ দল পাকিস্তান মুছলিম লীগ-নৱাজে (পিএমএল-এন) মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে অন্য দলৰ সৈতে কথা পাতিব।”
২৬৫টা সমষ্টিৰ তিনি চতুৰ্থাংশতকৈ অধিক সমষ্টিৰ ফলাফল ঘোষণা কৰাৰ পিছতে নৱাজ শ্বৰীফে এই কথা ঘোষণা কৰে।
লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই
কিন্তু বিশ্লেষকসকলে দাবী কৰিছিল যে কোনো এটা দলে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে, যাৰ ফলত পাকিস্তানৰ গভীৰ মেৰু বিভাজিত ৰাজনৈতিক পৰিৱেশটো ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকটৰ সৈতে আৰু অধিক জটিল হৈ পৰিব।
এতিয়ালৈকে ঘোষণা কৰা ২৫০টা সমষ্টিৰ ভিতৰত ৯৯টা সমষ্টিত ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইয়াৰ বাহিৰেও আন একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
নৱাজ শ্বৰীফৰ পিএমএল-এনে ৭১খন আৰু বিলোৱাল ভুট্টো জৰ্দাৰীৰ পাকিস্তান পিপলছ পাৰ্টিয়ে ৫৩খন আসন লাভ কৰে। এম কিউ এম ১৭খন আসনত জয়লাভ কৰে। ইয়াৰ উপৰিও আন দলসমূহে ১০খন আসন লাভ কৰে।
শুকুৰবাৰে পূবৰ লাহোৰ চহৰত নিজৰ ঘৰৰ বাহিৰত অনুষ্ঠিত এক সমাৱেশত নৱাজ শ্বৰীফে কয় যে নিৰ্বাচনৰ পিছত দেশৰ একক বৃহত্তম দল পাকিস্তান মুছলিম লীগ। এই দেশখনক সংকটৰ পৰা উলিয়াই অনাটো আমাৰ কৰ্তব্য।”
লগতে পঢ়কঃ প্ৰথম প্ৰেমে যদি সঁহাৰি নাপায়…,পন্থ সুস্থ হোৱাৰ পিছত আকৌ উৰ্বশীৰ কটাক্ষ! “প্ৰেম দৰাচলতে…”
তেওঁ লগতে কয় যে ব্যক্তিগত হওক বা দলীয় হওক, আমি জয়ী হোৱাসকলক সন্মান কৰো। এই সময়ত একেলগে কাম কৰি পাকিস্তানৰ পুনৰ নিৰ্মাণৰ আহ্বান জনায় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইফালে পিটিআইয়ে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ইমৰাণ খানৰ দৃশ্য-শ্ৰাব্য বাৰ্তা প্ৰকাশ কৰে। তাত নৱাজ শ্বৰীফৰ বিজয়ৰ দাবী নাকচ কৰে কাৰাগাৰত থকা নেতাগৰাকীয়ে। নিৰ্বাচনত জয়ী হোৱাৰ বাবে তেওঁ সমৰ্থকসকলক অভিনন্দন জনায়।
ইমৰাণ খানে কয়, মোৰ বিশ্বাস আছিল যে আপোনালোক সকলোৱে ভোট দিবলৈ আহিব। সেই আস্থাক আপোনালোকে সন্মান জনাইছে। নিৰ্বাচনত আপোনালোকৰ ব্যাপক ভোটদানে সকলোকে স্তম্ভিত কৰি তুলিছে। আপোনালোকে ইতিহাস ৰচনা কৰিছে।” তেওঁ লগতে নৱাজ শ্বৰীফে ৰিগিং কৰি জয়ী হোৱা বুলিও কয়। তেওঁৰ দাবী কোনেও মানি নলয় বুলিও দোহাৰে।
লগতে পঢ়কঃ নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰি দিল্লীত জগনমোহন! নিৰ্বাচনী বতৰত মোডীৰ সৈতে বৈঠক অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ
বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা জেলত আছে প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকী। তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ গোপনীয়তা ভংগ, দুৰ্নীতি আৰু অবৈধ বিবাহৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰসমূহত তেওঁ বিভিন্ন কাৰ্যকালৰ কাৰাদণ্ড কটাবলগীয়া হৈছে।