বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

a bodo

আজি বি টি চিৰ চতুৰ্থ অধিৱেশন অনুষ্ঠিত হয়।লক্ষ্যণীয় ভাবে বি টি চিৰ অধিৱেশন  বৰ্জন কৰিলে  হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলৰ সদস্যসকলে।

পুৱা দহ বজাত আৰম্ভ হবলগীয়া অধিবেশন আৰম্ভ হয় ১০.২৯ বজাত।

সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট অধিবেশনৰ আলোকপাত কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োই।

প্ৰমোদ বড়োই  ২০২২-২২ বিত্তীয় বৰ্ষৰ বাবে মুঠ ৩২২২,৪৭.৫৩ লাখ টকাৰ বাজেট দাখিল কৰে যদিও তাৰ ওপৰত অহা ১ মাৰ্চ তাৰিখে পুনৰ অধিৱেশনত পৰ্যালোচনা কৰা হব বুলি তেওঁ ।

বি টি আৰ প্ৰধান প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয় যে দাখিল কৰা বাজেট খন  উন্নয়নমুখী বাজেট ,এই বাজেটত বিশেষকৈ শিক্ষা, কৃষি , সমাজ কল্যাণ আৰু ক্ৰীড়া বিভাগক অগ্ৰাধিকাৰ দিয়া হৈছে।

এই বাজেটৰ জৰিয়তে বি টি আৰৰ সকলো দিশতে উন্নয়ন কাম কৰিবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰে।

চতুৰ্থ দিনৰ অধিবেশনতো হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলে সহযোগিতা নকৰাৰ প্ৰসংগত মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে বিৰোধী দলৰ সদস্যসকল স্বাৰ্থপৰ, এনে নেতা সমাজত থাকিলে সমাজ লাভৱান নহয় বৰ‌ং ক্ষতিহে হব ।

বি টি আৰৰ বাকী থকা দুজন কাৰ্যবাহী সদস্যৰ আসন  কম সময়ৰ ভিতৰতেপূৰণ কৰা হ’ব হব বুলি তেওঁ প্ৰকাশ কৰে।