NORTHEAST NOW (Assamese)

এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ

December 7, 2022 10:26 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ সংবিধান প্ৰণেতা তথা সমতাৰ ৰাজনীতিৰ পৃষ্ঠপোষক ড৹ বি আৰ আম্বেদকাৰক এইবাৰ গেৰুৱাকৰণৰ ৰাজনীতিৰ আওতাত সামৰি লোৱাৰ কুচ-কাৱাজ চলাইছে এক হিন্দুত্ববাদী সংগঠনে। হিন্দু ধৰ্মীয় নীতিৰ দৰে কপালত চন্দনৰ ফোঁট আৰু গেৰুৱা চাৰ্ট পৰিহিত আম্বেদকাৰৰ ফটো সম্বলিত এখন পোষ্টাৰে সম্প্ৰতি খলকনি তুলিছে সামাজিক মাধ্যমত।

এই পোষ্টাৰখন প্ৰস্তুত কৰি ঠায়ে ঠায়ে আঁৰি দিছে তামিলনাডুৰ কট্টৰ হিন্দু গোট হিন্দু মক্কল কাটচিয়ে। পোষ্টাৰখন টুইটাৰত পোষ্ট কৰি তামিলনাডুৰ সামাজিক তথা ৰাজনৈতিক সংস্থা বিদুথলাই চিৰুথাইগাল কাটচিৰ নেতা তথা সাংসদ থলকাপ্পিয়ান থিৰুমাভালাভানে পোষ্টাৰখনক আম্বেদকাৰক হেয়জ্ঞান কৰাৰ এক কৌশল বুলি অভিহিত কৰে।

থিৰুমাভালাভানে কয় যে বিষ্ণু বা ব্ৰহ্মক প্ৰাৰ্থনা কৰিবলৈ অস্বীকাৰ কৰা আম্বেদকাৰক পোষ্টাৰখৰ দ্বাৰা গেৰুৱাকৰণ কৰা হৈছে। টুইটটোত থিৰুমাভালাভানে লিখিছে, “গেৰুৱা চাৰ্ট আৰু কপালত ফোঁট লোৱা আম্বেদকাৰক এইদৰে প্ৰক্ষেপ কৰা এনে ধৰ্মীয় কট্টৰপন্থীসকলক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা উচিত।”

 

ইফালে এক সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত হিন্দু মক্কল কাটচিৰ নেতা অৰ্জুন সম্পথে সজাগতা সৃষ্টিৰ বাবে বি আৰ আম্বেদকাৰক এইদৰে গেৰুৱা কৰি তোলা হৈছে বুলি দাবী কৰে।

“থিৰুমাভালাৱনৰ নিজস্ব মতামত আছে, কিন্তু আম্বেদকাৰ গেৰুৱাপ্ৰেমী আছিল আৰু সেয়ে তেওঁ বৌদ্ধ ধৰ্ম আকোৱালি লৈছিল, কিয়নো বৌদ্ধ ধৰ্মৰ প্ৰতীকো গেৰুৱা। তেওঁ তিৰুৱল্লুৱৰ আৰু বল্লালাৰক অহিন্দু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।”

“থিৰুমাভালাৱনে আম্বেদকাৰক পেৰিয়াৰাইজ কৰিবলৈ কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আমি আম্বেদকাৰক গেৰুৱা কৰি দিলো।”-সম্পথে লগতে কয়।

ইফালে আম্বেদকাৰৰ এই গেৰুৱাকৰণৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দলিত নেতাগৰাকীক এইদৰে প্ৰক্ষেপ কৰাত হতভম্ব হৈ পৰা সচেতন নাগৰিকসকলে ধিক্কাৰ দিছে হিন্দুত্ববাদী সংগঠনটোক।

Related News