DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2022 10:26 pm
Ambedkar saffronised
103
VIEWS
Share on FacebookShare on Twitter

দেশৰ সংবিধান প্ৰণেতা তথা সমতাৰ ৰাজনীতিৰ পৃষ্ঠপোষক ড৹ বি আৰ আম্বেদকাৰক এইবাৰ গেৰুৱাকৰণৰ ৰাজনীতিৰ আওতাত সামৰি লোৱাৰ কুচ-কাৱাজ চলাইছে এক হিন্দুত্ববাদী সংগঠনে। হিন্দু ধৰ্মীয় নীতিৰ দৰে কপালত চন্দনৰ ফোঁট আৰু গেৰুৱা চাৰ্ট পৰিহিত আম্বেদকাৰৰ ফটো সম্বলিত এখন পোষ্টাৰে সম্প্ৰতি খলকনি তুলিছে সামাজিক মাধ্যমত।

এই পোষ্টাৰখন প্ৰস্তুত কৰি ঠায়ে ঠায়ে আঁৰি দিছে তামিলনাডুৰ কট্টৰ হিন্দু গোট হিন্দু মক্কল কাটচিয়ে। পোষ্টাৰখন টুইটাৰত পোষ্ট কৰি তামিলনাডুৰ সামাজিক তথা ৰাজনৈতিক সংস্থা বিদুথলাই চিৰুথাইগাল কাটচিৰ নেতা তথা সাংসদ থলকাপ্পিয়ান থিৰুমাভালাভানে পোষ্টাৰখনক আম্বেদকাৰক হেয়জ্ঞান কৰাৰ এক কৌশল বুলি অভিহিত কৰে।

থিৰুমাভালাভানে কয় যে বিষ্ণু বা ব্ৰহ্মক প্ৰাৰ্থনা কৰিবলৈ অস্বীকাৰ কৰা আম্বেদকাৰক পোষ্টাৰখৰ দ্বাৰা গেৰুৱাকৰণ কৰা হৈছে। টুইটটোত থিৰুমাভালাভানে লিখিছে, “গেৰুৱা চাৰ্ট আৰু কপালত ফোঁট লোৱা আম্বেদকাৰক এইদৰে প্ৰক্ষেপ কৰা এনে ধৰ্মীয় কট্টৰপন্থীসকলক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা উচিত।”

 

#சனாதன சங்கத்துவ வர்ணாஸ்ரம பாகுபாடுகளை- பார்ப்பனீய மனுஸ்மிருதி மேலாதிக்கத்தை- தன் இறுதிமூச்சு வரையில் மூர்க்கமாக எதிர்த்து 10இலட்சம் பேருடன் இந்து மதத்திலிருந்து வெளியேறி மதவெறியர்களின் பல்லைப் பிடுங்கிய புரட்சியாளர் அம்பேத்கர் அவர்களை இழிவுபடுத்தும் மதவாத மனநோயாளிகளை மிக (1/2).. pic.twitter.com/PINQVC4hlx

— Thol. Thirumavalavan (@thirumaofficial) December 6, 2022

ইফালে এক সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত হিন্দু মক্কল কাটচিৰ নেতা অৰ্জুন সম্পথে সজাগতা সৃষ্টিৰ বাবে বি আৰ আম্বেদকাৰক এইদৰে গেৰুৱা কৰি তোলা হৈছে বুলি দাবী কৰে।

“থিৰুমাভালাৱনৰ নিজস্ব মতামত আছে, কিন্তু আম্বেদকাৰ গেৰুৱাপ্ৰেমী আছিল আৰু সেয়ে তেওঁ বৌদ্ধ ধৰ্ম আকোৱালি লৈছিল, কিয়নো বৌদ্ধ ধৰ্মৰ প্ৰতীকো গেৰুৱা। তেওঁ তিৰুৱল্লুৱৰ আৰু বল্লালাৰক অহিন্দু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।”

“থিৰুমাভালাৱনে আম্বেদকাৰক পেৰিয়াৰাইজ কৰিবলৈ কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আমি আম্বেদকাৰক গেৰুৱা কৰি দিলো।”-সম্পথে লগতে কয়।

ইফালে আম্বেদকাৰৰ এই গেৰুৱাকৰণৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দলিত নেতাগৰাকীক এইদৰে প্ৰক্ষেপ কৰাত হতভম্ব হৈ পৰা সচেতন নাগৰিকসকলে ধিক্কাৰ দিছে হিন্দুত্ববাদী সংগঠনটোক।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd