• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাদকাৰি পৰিয়ালৰ বিলাসী ভ্ৰমণত উটি গ’ল অসমৰ বান নিয়ন্ত্ৰণৰ ধন

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
April 8, 2019 8:49 pm
Brahmaputra Board diverts Rs 40 lakhs for VVIP holiday as Assam reels under floods

অসমৰ মুখ্য মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ সংগত কাজিৰঙাৰ ৰিজৰ্টত নিতিন গাদকাৰি। ফাইল ছবি।

915
VIEWS
Share on FacebookShare on Twitter

আশ্চৰ্য্যজনক। অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে আবণ্টিত ধনৰাশিৰ এক বৃহৎ অংশ জ্যেষ্ঠ বিজেপি নেতা নীতীন গাদকাৰিৰ পৰিয়ালৰ অৱসৰ যাপনত ব্যৱহৃত “চাৰ্টাৰ এয়েৰক্ৰাফ্ট”ৰ বিল পৰিশোধত ব্যয় কৰিছে ব্ৰহ্মপুত্ৰ ব’ৰ্দে।

এক আৰ টি আই আবেদনৰ উত্তৰত ব্ৰহ্মপুত্ৰ ব’ৰ্দে জনাইছে এই তথ্য। নতুন দিল্লীৰ পৰা যোৰহাটলৈ অৱসৰ যাপনৰ বাবে ২০১৭ চনৰ ২৯ ডিচেম্বৰত অহা কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ চাৰিদিনীয়া ভ্ৰমণত ব্যৱহৃত বিমানখনৰ ভাৰা পৰিশোধত ব্যয় কৰা হৈছে ৩১.৪৮৩২৬ লাখ টকা।

ভি ভি আই পিসকলক লৈ বিমানখনে যোৱা ১ জানুৱাৰিত নতুন দিল্লীলৈ উৰা মাৰিছিল।

বিমানখনৰ চাৰিদিনৰ ভাৰা ৬২.৯৬৬৫২ লাখ টকাৰ আধা ব্ৰহ্মপুত্ৰ ব’ৰ্দে আৰু বাকী আধা অৰ্থাৎ ৩১.৪৮৩২৬ লাখ টকা বহন কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে (NHIDC)।

২০১৭ চনৰ ২৯ ডিচেম্বৰৰ ৰাতিপুৱা ৭ বজাত নতুন দিল্লীৰ পৰা চাৰ্টাৰ্দ বিমানযোগে উৰা মৰা গাদকাৰি পুৱা ১০ বজাত আহি যোৰহাটত উপস্থিত হৈছিল। তাৰ পিছত এখন চাৰ্টাৰ হেলিকপ্তাৰযোগে তেওঁ মাজুলীলৈ উৰা মাৰিছিল, ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ তথ্যত প্ৰকাশ।

মাজুলীত কেন্দ্ৰীয় মন্ত্ৰীজনে ব্ৰহ্মপুত্ৰ ব’ৰ্দ কমপ্লেক্স আৰু মাজুলীক বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পাণ্ডুৰ পৰা ধুবুৰীলৈ নিয়মীয়া কাৰ্গ’ সেৱা মুকলি কৰিছিল।

মাজুলীত আধাৰশিলা স্থাপন অনুষ্ঠানতে স্বাস্থ্যৰ অৱনতি ঘটা গাদকাৰি পুনৰ চাৰ্টাৰ হেলিকপ্তাৰযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছিল, আৰু এখন বিলাসী ৰিজৰ্টত পৰিয়ালৰ সৈতে যোগ দিছিলহি।

২৯ জানুৱাৰিত উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লৈ কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰীজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে অসমৰ জ্যেষ্ঠ মন্ত্ৰীসকলক লগত লৈ ৰিজৰ্টখনত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী আৰু জীপ চাফাৰিৰ পিছত ডিচেম্বৰ ৩০, ২০১৭ত গাদকাৰিয়ে মাত্ৰ এঘণ্টাৰ কৰ্তব্য পালন কৰিছিল। সেইদিনা দিনৰ ১১ৰ পৰা ১২ বজালৈকে তেওঁ ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ উচ্চস্তৰীয় সমিতিৰ নৱম সংখ্যক বৈঠকত ভাগ লৈছিল।

৩১ ডিচেম্বৰ আছিল দেওবাৰ, গাদকাৰি পৰিয়ালে সম্পূৰ্ণ অৱসৰ উপভোগ কৰিছিল। ৰাজহুৱা ধনেৰে বিলাসী ৰিজৰ্টখনত নতুন বছৰ উদযাপন কৰি ১ জানুৱাৰি, ২০১৮ৰ পুৱা ৮বজাত পৰিয়ালটো পুনৰ নতুন দিল্লীলৈ উৰা মাৰিছিল।

দৰিদ্ৰ অসমবাসীয়ে প্ৰতি বছৰে বানৰ বিভীষিকাৰ বলি হৈ অহাৰ বিপৰীতে আশ্চৰ্য্যজনক কথাটো হৈছে কিয় গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ বিমান ব্যয় ব্ৰহ্মপুত্ৰ ব’ৰ্দে পৰিশোধ কৰিলে।

নীতিমতে ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ কাম হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত জৰীপ আৰু তদন্ত চলোৱা আৰু বান, গৰাখহনীয়া আৰু পয়প্ৰণালী উন্নয়নৰ বাবে মাষ্টাৰ প্লেন যুগুত কৰা।

ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ সঞ্চালক ৰাজীৱ য়াদৱক যোগাযোগ কৰাত তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিলে। “মই ২০১৭ চনৰ ডিচেম্বৰত ব্ৰহ্মপুত্ৰ ব’ৰ্দত যোগ দিছো, আৰু বিষয়টোত মই মন্তব্য কৰিব নোৱাৰিম,” তেওঁ জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে মাজুলীত নীতীন গাদকাৰিয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ এই পৰ্য্যন্ত কোনো অগ্ৰগতি নাই। মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্দ কমপ্লেক্সৰ নিৰ্মাণ অদ্যপি আৰম্ভই হোৱা নাই।

একেদৰে মাজুলীত ১৮০কোটি টকীয়া গৰাখহনীয়া-প্ৰতিৰোধী কামৰ দায়িত্ব পোৱা তি কে এঞ্জিনিয়াৰিং কনচৰ্তিয়াম প্ৰাইভেট লিমিটেদে বিশেষ একো কাম আগবঢ়োৱা নাই। পিছৰতো বাৰিষাৰ আগতেই প্ৰকল্পটো সম্পূৰ্ণ কৰাত অৰুণাচল প্ৰদেশৰ কোম্পানিটোৱে অলপো নিষ্ঠা প্ৰদৰ্শন কৰা নাই।

একেদৰে মহাবাহু ব্ৰহ্মপুত্ৰ খনন কৰিব বুলি নীতীন গাদকাৰিয়ে কৰা উচ্চবাচ্যৰ পিছতো বাস্তৱত কোনো কামেই হোৱা নাই।

নীতীন গাদকাৰি পৰিয়ালৰ চাৰ্টাৰ বিমানৰ খৰচ শোধোৱাৰ নামত বান নিয়ন্ত্ৰণৰ ধন ব্যৱহৃত হোৱাৰ সময়তে এই বাৰিষাত পুনৰ বানৰ বিভীষিকাই খেদি ফুৰিব অসমৰ দুখীয়া লোকসকলক।

Tags: নিৰ্বাচন ২০১৯

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd