ব্ৰহ্মপুত্ৰ কাৰ্বন কাৰখানাত উত্তাল প্রতিবাদ নিৰাপত্তাৰক্ষীৰ
শনিবাৰে প্ৰতিবাদমুখৰ হৈ পৰে নিউ বঙাইগাঁৱৰ ব্ৰহ্মপুত্ৰ কাৰ্বন লিমিটেডত। জানিব পৰা মতে, কাৰখানাখনৰ ১০০ৰো অধিক নিৰাপত্তাৰক্ষীক আকস্মিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিষ্ঠানটোৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি সংশ্লিষ্ট কৰ্মচাৰীসকলে কাৰখানাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে প্ৰতিষ্ঠানটোৰ স্বেচ্ছাচাৰী সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি কয় যে, “বৰ্খাস্ত কৰাৰ সিদ্ধান্তই শ্ৰম আইন উলংঘা কৰাৰ লগতে এইক্ষেত্ৰত কোনো সঠিক পদ্ধতি অনুসৰণ কৰা হোৱা নাই।” কাৰখানাৰ প্ৰশাসকে কৰ্মচাৰীসকলৰ অধিকাৰ আৰু ন্যায্য দাবীক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে।
প্ৰতিবাদকাৰীসকলে প্ৰতিষ্ঠানটোক এই আদেশ বাতিল কৰি সকলো কৰ্মচাৰীক পুনৰ নিযুক্তি দিয়াৰ দাবী জনায়। লগতে শ্ৰম আইন অনুযায়ী ন্যায্য ব্যৱহাৰ নিশ্চিত কৰিবলৈ চৰকাৰী হস্তক্ষেপৰ আহ্বান জনায়।
ইফালে, স্থানীয় শ্ৰমিক সংগঠনসমূহে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে কাৰখানাৰ প্ৰশাসন আৰু শ্ৰমিক প্ৰতিনিধিসকলৰ মাজত আলোচনাত মিলিত হোৱাৰ আহ্বান জনাইছে।