• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয় জুবিন দা! জুবিন গাৰ্গক সন্মান জনাই ছিংগাপুৰত এখন আসন খালী ৰাখিলে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2025 2:32 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিংগাপুৰত অনুষ্ঠিত ভাৰত-চিংগাপুৰ এছিয়া কাপ ফুটবল কোৱালিফায়াৰৰ সময়ত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে ষ্টেণ্ডত এখন আসন খালী ৰাখি প্ৰয়াত কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গক সন্মান জনায়। যোৱা মাহত একেখন চহৰতে মৃত্যু হোৱা সংগীতৰ মহানায়ক তথা একান্ত ফুটবল প্ৰেমীগৰাকীৰ প্ৰতি এয়া আছিল এক প্ৰতীকী শ্ৰদ্ধাঞ্জলি।

বৃহস্পতিবাৰৰ ১-১ গ’লত ড্ৰ’ত সমাপ্ত হোৱা খেলখনত উপস্থিত থকা ক্লাবৰ সদস্যসকলে এই সংকেতেৰ গাৰ্গক উৎসৰ্গা কৰে। “চিৰদিনৰ বাবে আমাৰ হৃদয়ত’’ বুলি লিখা এখন আসন খালী। সহস্ৰজনৰ হৃদয় ভৰি পৰিল! ছিংগাপুৰৰ ষ্টেণ্ডত এখন চকী এতিয়াও থিয় হৈ আছে — জুবিন দাৰ বাবে!” ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়াত এইদৰে লিখিছে।

Apply Now

চকীখনত তেওঁৰ নামত ৰখা আসনত জুবিন গাৰ্গে ফুটবল খেলাৰ ছবি আৰু “ফুটবল ইজ লাইফ” বুলি লিখা দহ নং জাৰ্চি এটা ৰখা হৈছিল। ক্লাবটোৱে লগতে কয়, “যিজন ব্যক্তিয়ে আমাৰ সপোন গানত নিগৰাইছিল, আমাৰ আবেগত জীয়াই আছিল, আৰু জীৱনৰ দৰেই ফুটবল ভাল পাইছিল — তেওঁ শেষ উশাহ লোৱা ঠাইত ব্ৰিগেডে কিংবদন্তিজনক শ্ৰদ্ধাঞ্জলি জনাইছে।”

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা দলত স্মৰণ কৰে যে কেনেকৈ ৫২ বছৰীয়া শিল্পীগৰাকীয়ে এবাৰ কৈছিল যে ফুটবল তেওঁৰ প্ৰথম প্ৰেম। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ কৰুণ মৃত্যু ঘটে। “আৰু এতিয়াও প্ৰতিটো গীতত, আমাৰ ঢোলৰ প্ৰতিটো ছেওত, আমাৰ বাবে উচ্চাৰিত প্ৰতিটো উল্লাসত তেওঁৰ আত্মাৰ অনুৰণন বাজি উঠে!”

পোষ্টটোত লগতে কোৱা হৈছে যে অসমৰ বোকাময় পথাৰৰ পৰা মস্কোৰ গ্ৰেণ্ড এৰিনালৈকে “সুন্দৰ খেলখনৰ বাবে তেওঁ য’তেই গৈছিল আমাৰ আত্মাক কঢ়িয়াই লৈ ফুৰিছিল”। ফুটবলৰ এজন উৎসুক অনুৰাগী জুবিন গাৰ্গে ফিফা বিশ্বকাপ চাবলৈ ৰাছিয়ালৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, যুৱকসকলক এই খেলবিধক আঁকোৱালি ল’বলৈ আহ্বান জনাইছিল।

পোষ্টটোত লগতে কোৱা হৈছে, “ফুটবল তেওঁৰ আটাইতকৈ ভাল পোৱা খেল। জুবিন দা, তুমি নাই। তুমি এতিয়া মাত্ৰ আকাশৰ পৰা খেলি আছা। চিৰদিনৰ বাবে আমাৰ সংগীত। চিৰদিনৰ বাবে আমাৰ গৰ্জন। চিৰদিনৰ বাবে আমাৰ জুবিন দা!”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd