গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

প্ৰতীকী ছবি।

বিগত তিনিদিন ধৰি ৰাজ্যৰ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নদ-নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে।

আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ গুৱাহাটীত বিপদসীমাৰ তিনি চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে।

ঘন্টাত প্ৰায় ৩ ৰ পৰা ৪ ছেমি লৈ বৃদ্ধি হৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

আজি দুপৰীয়া ১ বজা পৰ্যন্ত ৪৯.৭১ মিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে ৷ গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮ ৷

মহানগৰীত প্ৰায় ৩ চেমি বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

৫১.৪৬ লৈ বৃদ্ধি হলেই গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিব। প্ৰায় ২ মিটাৰ পানী বাঢ়িলেই গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বনপানীৰ সৃষ্টি কৰিব বুলি জানিব দিয়ে কেন্দ্ৰীয় জল সম্পদ বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ কলিতাই ৷

ইপিনে ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷

২৫ জুনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন জিলাৰ উপায়ুক্ত সকলৰ সৈতে বানপানীৰ প্ৰস্তুতি সম্পৰ্কে ভিডিঅ’ কনফাৰেন্সিংযোগে আলোচনাত অংশগ্ৰহণ কৰে।