NORTHEAST NOW (Assamese)

ভয়াবহ! ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড়লৈ

October 8, 2025 12:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 8, 2025 12:55 pm

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ কাছাৰীঘাটত মঙলবাৰে বিয়লি মুহূৰ্ততে উচন হৈ গল এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰনদীৰ তীব্ৰ সোঁতে বান্ধ হিচাপে ব্যৱহাৰ কৰা শতাধিক জিঅ’ বেগ উটুৱাই নিয়ে। শেহতীয়াকৈ চহৰখনৰ সুৰক্ষাৰ বাবে স্থাপন কৰা বান্ধৰ ওপৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। এই লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী

চহৰখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোটি টকা ব্যয় কৰি জিঅ’ বেগ স্থাপন কৰা হৈছিল, কিন্তু ইয়াৰ পৰাও একো লাভ নহ’ল। উল্লেখ্য যে কেইমাহমান পূৰ্বে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰীকাই খহনীয়া এলাকা পৰিদৰ্শন কৰি সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল তথাপি গৰাখহনীয়া ৰোধ কৰাত চৰম ব্যৰ্থতাৰ সন্মুখীন হৈছে চৰকাৰ। মঙলবাৰে বিয়লি খহনীয়াই প্ৰচণ্ড ৰূপ লোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় বিদ্যুৎ মন্ত্ৰী প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ অধিকাৰীৰ দল। তেওঁলোকে পৰিস্থিতি বুজ লৈ তাৎক্ষণিকভাৱে প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰে। 

লক্ষ্যণীয় যে চৰকাৰে ৰাজকোষৰ কোটি কোটি খৰচ কৰিও খহনীয়া ৰোধ কৰিব পৰা নাই কিয়? প্ৰশ্ন হয় যে চৰকাৰে খনীয়া ৰোধৰ বাবে বৃষ্টিত জৰীপ কৰা নাছিল নেকি? এনে পৰিস্থিতিত স্থানীয় লোকসকল আতংকিত হৈ পৰিছে। আৰু ডিব্ৰুগড়ৰ ৰাইজে দাবী জনাইছে যে শীঘ্ৰে চৰকাৰে দীৰ্ঘম্যাদী খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা ঐতিহাসিক চহৰখন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ সম্ভাৱনা একেবাৰে নাকচ কৰিব নোৱাৰি।

Related News