NORTHEAST NOW (Assamese)

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

July 9, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 9, 2025 10:17 pm

ব্ৰহ্মপুত্ৰ নদী আমাৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি, জলসম্পদ আৰু জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ, নৈপৰীয়া লোকৰ বৃত্তিগত প্ৰৱণতা যুগ যুগ ধৰি চলি আহিছে। এই ব্ৰহ্মপুত্ৰৰ প্ৰসংগ তথা গুৰুত্ব বুজিয়েই এন ই ফ’কাছৰ উদ্যোগত বুধবাৰে আয়োজিত হয় ব্ৰক্ষ্মপুত্ৰ সন্মিলনঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক এক আলোচনা চক্ৰ। বশিষ্ঠস্হিত অসম ৱাটাৰ চেণ্টাৰত আয়োজিত এই সন্মিলনখনত বহুকেইটা গুৰুত্বপূৰ্ণ দিশে স্থান লাভ কৰে। তাৰ ভিতৰত সেউজীয়া নাও চলাচল, বিল-জলাশয় পুনৰুদ্ধাৰ, জনসাধাৰণৰ মাজত সজাগতা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু গৱেষণা আৰু প্ৰাকৃতিক উপায়েৰে নদীৰ ব্যৱস্থাপনা বিষয়সমূহে স্থান লাভ কৰে। ভূটানে যিদৰে Gross National Happinessক মাপকাঠি হিচাপে লৈ জলবিদ্যুৎৰ ব্যৱস্থা কৰিছে, অসমেও ইয়াৰ উদাহৰণ অনুসৰণ কৰিব পাৰে বুলি আলোচনাত চৰ্চা লাভ কৰে।

আনহাতে দ্বিতীয়খন পেনেল আলোচনাত বহনক্ষম উন্নয়নৰ কাৰণে কিদৰে প্ৰাকৃতিগত অভ্যাসসমূহ আকোঁৱালি ল’ব পাৰি, উদ্ভাৱনীমূলক চিন্তাৰে অগ্ৰসৰ হ’ব পাৰি, এই বিষয়ত আলোচনা হয়।

প্ৰথম পেনেলত অংশ লয় অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্নলীল বৰুৱা, দিল্লী আই ই টিৰ প্ৰবক্তা গৌৰৱ তালুকদাৰ, চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডৰ পৰিৱেশ বিজ্ঞানী ড০ এছ এছ সিঙে উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত কিদৰে প্ৰত্যাহ্বান আৰু সুবিধা আছে সেই বিষয়ে আলোচনা হয়।

আনহাতে দ্বিতীয় পেনেল চেনেলত নৰ্থ ইষ্ট ইণ্ডিয়া ৱাটাৰ ফ’ৰামৰ কাৰ্যবাহী সভাপতি প্ৰদীপ্ত প্ৰাণ চাং কাকতি, আৰন্যকৰ পৰিৱেশ বিজ্ঞানী পাৰ্থ জে দাস, অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্দিৰা বুঢ়াগোহাঁইএ অংশগ্ৰহণ কৰে।

এই সন্মিলনখনত জলসম্পদ বিভাগ, ফেমা, আভ্যন্তৰীণ জল পৰিবহন বিভাগ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিকে অংশগ্ৰহণ কৰে। আয়োজক সমিতিৰ হৈ এন ই ফ’কাছৰ সম্পাদক সংগীতা শইকীয়াই কয় যে উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে চৰকাৰী বেচৰকাৰী সংগঠনৰ লগতে কিছু ব্যক্তি বিশেষে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এন ই ফ’কাছে ইয়াৰ পূৰ্বেও পৰিৱেশ তন্ত্ৰৰ সম্পৰ্কে সজাগতা অনাৰ বাবে হলৌ বান্দৰৰ সংৰক্ষণৰ পদক্ষেপ হাতত লৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত জলবায়ু পৰিৱৰ্তন সন্মিলন আয়োজন কৰিছিল।

Related News