NORTHEAST NOW (Assamese)

পাকিস্তানত ভুলতে মিছাইল নিক্ষেপ: তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত

August 24, 2022 11:00 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ৯ মাৰ্চত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভুলতে ব্ৰাহ্ম’ছ মিছাইল নিক্ষেপ ঘটনা সন্দৰ্ভত মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ তিনিগৰাকী বিষয়াক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে। শাস্তিৰ সন্মুখীন হোৱা তিনি বিষয়াৰ ভিতৰত আছে এজন গ্ৰুপ কেপ্টেইন আৰু দুজন উইং কামাণ্ডাৰ।

ভাৰতীয় বায়ু সেনাই মঙলবাৰে এক বিবৃতি যোগে এই শাস্তিমূলক ব্যৱস্থাৰ বিষয়ে সদৰী কৰে। বিষয়াকেইগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই শাস্তি প্ৰদান কৰা হৈছে বুলি বায়ুসেনাই উল্লেখ কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰে ৯ মাৰ্চত দুৰ্ঘটনাক্ৰমে ব্ৰহ্ম’ছ মিছাইল নিক্ষেপ কৰা হৈছিল। ভাৰতীয় এয়াৰবেছৰ পৰা ভুলৱশত: নিক্ষেপ কৰা ব্ৰাহ্ম’ছ মিছাইলটো পাকিস্তানৰ ভিতৰৰ মিয়ান চান্নু নামৰ ঠাইত অৱতৰণ কৰিছিল।

পাকিস্তান চৰকাৰে এই ঘটনাত আপত্তি কৰি ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসৰ শীৰ্ষ বিষয়ালৈ চমন জাৰি কৰিছিল। এনে চূড়ান্ত অৱহেলাৰ পৰা হ’ব পৰা অপ্ৰীতিকৰ পৰিণামৰ প্ৰতি সতৰ্ক হোৱাৰ লগতে ভৱিষ্যতে এনে উলংঘনৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিছিল দেশখনে।

এই ঘটনাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৫ মাৰ্চত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। ৰাজ্যসভাত এই বিষয়ে সদৰী কৰি তেওঁ লগতে ঘটনাটোৰ ফলত অৱশ্যে পাকিস্তানত কোনো ক্ষতি হোৱাৰ খবৰ পোৱা নাই বুলিও উল্লেখ কৰিছিল।

বিষয়টোৰ অনুসন্ধানৰ বাবে গঠন কৰা তদন্ত আদালতত তিনিজন বিষয়াৰ দ্বাৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়াৰ (এছ.ও.পি.) পৰা বিচ্যুতিৰ ফলত মিছাইলটো দুৰ্ঘটনাক্ৰমে নিক্ষেপ হয় বুলি প্ৰমাণ হয়।

সেয়েহে এই ঘটনাটোৰ বাবে এগৰাকী গ্ৰুপ কেপ্টেইন আৰু দুগৰাকী উইং কামাণ্ডাৰক মুখ্যতঃ দোষী হিচাপে গণ্য কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

Related News