• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো অভিলেখ অতিক্ৰমি ৮৩ হাজাৰ গোচৰ বিচাৰাধীন উচ্চতম ন্যায়ালয়ত; তদন্তত শীৰ্ষ আদালত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 10:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোচৰৰ বোজা হ্ৰাস কৰিবলৈ খালী হোৱা সকলো ন্যায়াধীশৰ আসন পূৰণ কৰা হৈছে। শুনানি আৰু আদালতৰ সকলো কাম-কাজত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি পাইছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উকীল আৰু ক্লায়েণ্টসকলে শুনানিত অংশগ্ৰহণ কৰিছে। তথাপিও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা দেখি সকলো মহলৰে চকু কপালত উঠিছে।

উচ্চতম ন্যায়ালয়ৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰলৈকে (২৯ আগষ্ট, ২০২৪) বিচাৰাধীন গোচৰৰ সংখ্যা হৈছে ৮৩ হাজাৰ। বিগত সময়ত কেতিয়াও দেশৰ উচ্চতম ন্যায়ালয়ত ইমানবোৰ গোচৰ পৰি থকা নাছিল। বেছিভাগ সময়তে ৫০ হাজাৰৰ তলত আছিল। কোনো কোনো সময়ত ৬০-৬৫ হাজাৰ হয় যদিও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি গোচৰৰ বোজা কমোৱা হৈছে। দুবছৰ পূৰ্বে বকেয়াৰ সংখ্যা ৭৯ হাজাৰলৈ বৃদ্ধি পাইছিল।

যদিও সেই সময়ত ন্যায়াধীশৰ সংখ্যা কম আছিল আৰু উচ্চতম ন্যায়ালয়ৰ কাম-কাজ বহুলাংশে কাগজভিত্তিক আছিল, তথাপিও ইয়াৰ প্ৰায় সকলোবোৰেই বিগত দশকত কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিৰ সহায়ত কৰা হৈছে। লেপটপত গোচৰৰ নথি-পত্ৰ চাইছে ন্যায়াধীশসকলে। সকলো কাম অনলাইনত কৰা হৈছে।

লগতে পঢ়কঃ অক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষত উচ্চতম ন্যায়ালয়ত ৩৮ হাজাৰ গোচৰ ৰুজু হৈছে। ইয়াৰ লগত যোৱা বছৰৰ গোচৰৰ সংখ্যা যোগ কৰিলে মুঠ বাকী থকা গোচৰৰ সংখ্যা হ’ল ৮৩ হাজাৰ৷

উচ্চতম ন্যায়ালয়ৰ মতে বিগত দুই-তিনি বছৰ ধৰি বিচাৰাধীন গোচৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। দুবছৰ পূৰ্বে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে দেশৰ সকলো স্তৰৰ আদালতত গোচৰৰ বোজা হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশসকলে লেপটপ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰে। বৰ্তমান উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ কোনো পদ খালী নাই। তথাপিও ৮৩ হাজাৰ বিচাৰাধীন গোচৰে সকলোকে চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

যদিও আদালতে আনুষ্ঠানিকভাৱে কাৰণ সন্দৰ্ভত মুখ খোলা নাই, আদালতৰ খবৰ অনুসৰি এই পৰিস্থিতিৰ বাবে দায়ী আদালত আৰু চৰকাৰৰ বিৰোধিতা। যোৱা চাৰি-পাঁচ বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম আৰু আইন মন্ত্ৰালয়ৰ মাজত হোৱা বিবাদৰ বাবে কেইবামাহো ধৰি ন্যায়াধীশৰ নিযুক্তি স্থবিৰ হৈ আছিল। আইন মন্ত্ৰালয়ে কলেজিয়ামৰ পৰামৰ্শ মানি ল’ব বিচৰা নাছিল।

লগতে পঢ়কঃ তমন্নাৰ সৈতে প্ৰেমত মচগুল! তাৰমাজতে নিজৰ এক গোপন অসুখৰ কথা জনালে বিজয়ে

প্ৰাক্তন আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মাজত হোৱা বিবাদে পূৰ্বৰ সকলো নজিৰ অতিক্ৰম কৰিছিল। ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে ৰাজহুৱা বাকযুদ্ধত লিপ্ত হৈছিল। পৰিস্থিতি উপলব্ধি কৰি প্ৰধানমন্ত্ৰীয়ে ৰিজিজুক আইন মন্ত্ৰালয়ৰ পৰা অপসাৰণ কৰে। বহুতে ভাবে যে সেই সময়ত মাহৰ পিছত মাহ ধৰি ন্যায়াধীশৰ পদ খালী হোৱাৰ বাবে ক্ৰমান্বয়ে গোচৰৰ বোজা বৃদ্ধি পাই এতিয়া ৮৩ হাজাৰলৈ বৃদ্ধি পালে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd