• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো অভিলেখ অতিক্ৰমি ৮৩ হাজাৰ গোচৰ বিচাৰাধীন উচ্চতম ন্যায়ালয়ত; তদন্তত শীৰ্ষ আদালত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 10:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোচৰৰ বোজা হ্ৰাস কৰিবলৈ খালী হোৱা সকলো ন্যায়াধীশৰ আসন পূৰণ কৰা হৈছে। শুনানি আৰু আদালতৰ সকলো কাম-কাজত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি পাইছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উকীল আৰু ক্লায়েণ্টসকলে শুনানিত অংশগ্ৰহণ কৰিছে। তথাপিও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা দেখি সকলো মহলৰে চকু কপালত উঠিছে।

উচ্চতম ন্যায়ালয়ৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰলৈকে (২৯ আগষ্ট, ২০২৪) বিচাৰাধীন গোচৰৰ সংখ্যা হৈছে ৮৩ হাজাৰ। বিগত সময়ত কেতিয়াও দেশৰ উচ্চতম ন্যায়ালয়ত ইমানবোৰ গোচৰ পৰি থকা নাছিল। বেছিভাগ সময়তে ৫০ হাজাৰৰ তলত আছিল। কোনো কোনো সময়ত ৬০-৬৫ হাজাৰ হয় যদিও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি গোচৰৰ বোজা কমোৱা হৈছে। দুবছৰ পূৰ্বে বকেয়াৰ সংখ্যা ৭৯ হাজাৰলৈ বৃদ্ধি পাইছিল।

যদিও সেই সময়ত ন্যায়াধীশৰ সংখ্যা কম আছিল আৰু উচ্চতম ন্যায়ালয়ৰ কাম-কাজ বহুলাংশে কাগজভিত্তিক আছিল, তথাপিও ইয়াৰ প্ৰায় সকলোবোৰেই বিগত দশকত কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিৰ সহায়ত কৰা হৈছে। লেপটপত গোচৰৰ নথি-পত্ৰ চাইছে ন্যায়াধীশসকলে। সকলো কাম অনলাইনত কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ অক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষত উচ্চতম ন্যায়ালয়ত ৩৮ হাজাৰ গোচৰ ৰুজু হৈছে। ইয়াৰ লগত যোৱা বছৰৰ গোচৰৰ সংখ্যা যোগ কৰিলে মুঠ বাকী থকা গোচৰৰ সংখ্যা হ’ল ৮৩ হাজাৰ৷

উচ্চতম ন্যায়ালয়ৰ মতে বিগত দুই-তিনি বছৰ ধৰি বিচাৰাধীন গোচৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। দুবছৰ পূৰ্বে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে দেশৰ সকলো স্তৰৰ আদালতত গোচৰৰ বোজা হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশসকলে লেপটপ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰে। বৰ্তমান উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ কোনো পদ খালী নাই। তথাপিও ৮৩ হাজাৰ বিচাৰাধীন গোচৰে সকলোকে চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

যদিও আদালতে আনুষ্ঠানিকভাৱে কাৰণ সন্দৰ্ভত মুখ খোলা নাই, আদালতৰ খবৰ অনুসৰি এই পৰিস্থিতিৰ বাবে দায়ী আদালত আৰু চৰকাৰৰ বিৰোধিতা। যোৱা চাৰি-পাঁচ বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম আৰু আইন মন্ত্ৰালয়ৰ মাজত হোৱা বিবাদৰ বাবে কেইবামাহো ধৰি ন্যায়াধীশৰ নিযুক্তি স্থবিৰ হৈ আছিল। আইন মন্ত্ৰালয়ে কলেজিয়ামৰ পৰামৰ্শ মানি ল’ব বিচৰা নাছিল।

লগতে পঢ়কঃ তমন্নাৰ সৈতে প্ৰেমত মচগুল! তাৰমাজতে নিজৰ এক গোপন অসুখৰ কথা জনালে বিজয়ে

প্ৰাক্তন আইন মন্ত্ৰী কিৰেন ৰিজিজু আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মাজত হোৱা বিবাদে পূৰ্বৰ সকলো নজিৰ অতিক্ৰম কৰিছিল। ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে ৰাজহুৱা বাকযুদ্ধত লিপ্ত হৈছিল। পৰিস্থিতি উপলব্ধি কৰি প্ৰধানমন্ত্ৰীয়ে ৰিজিজুক আইন মন্ত্ৰালয়ৰ পৰা অপসাৰণ কৰে। বহুতে ভাবে যে সেই সময়ত মাহৰ পিছত মাহ ধৰি ন্যায়াধীশৰ পদ খালী হোৱাৰ বাবে ক্ৰমান্বয়ে গোচৰৰ বোজা বৃদ্ধি পাই এতিয়া ৮৩ হাজাৰলৈ বৃদ্ধি পালে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd