NORTHEAST NOW (Assamese)

‘দলত যিমানেই তাৰকা নাথাকক কিয়…’ ভাৰতৰ বিশ্বকাপৰ পৰিকল্পনাক লৈ সকীয়ালে কিংবদন্তি লাৰাই

June 1, 2024 12:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 1, 2024 1:07 pm

কেইদিনমানৰ পিছতে আৰম্ভ হ’ব টী-২০ বিশ্বকাপ ২০২৪। বহু বছৰ ধৰি টীম ইণ্ডিয়াৰ বাবে দূৰত আছে আই চি চি ট্ৰফী। ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ বিশ্বজয়ৰ সপোন দেখিছে দেশবাসীয়ে। কিন্তু টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূর্বে ভাৰতৰ থিংক টেংকক সকীয়াই দিছে কিংবদন্তি ব্রায়ান লাৰাই৷

ভাৰতৰ ক্ৰিকেট দলটো কাগজে-কলমে যথেষ্ট শক্তিশালী। বেটিঙত যিদৰে ৰোহিত আৰু বিৰাট আছে, সেইদৰে বলিং বিভাগ চম্ভালিব যশপ্ৰীত বুমৰাহে। টী-২০ ক্ৰিকেটৰ এক নম্বৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে চম্ভালিব মিডল অৰ্ডাৰ। কুলদীপ যাদৱ-যজুবেন্দ্ৰ চাহালৰ স্পিন যুটিয়ে প্ৰতিপক্ষৰ পৰীক্ষা লব। মুঠতে তাৰকাৰে ভৰা দল এটা লৈয়ে খেলপথাৰত নামিছে ‘মেন ইন ব্লু’।

সেইটোক লৈয়ে চিন্তিত প্ৰাক্তন কেৰিবিয়ানৰ তাৰকা ব্রায়ান লাৰা। তেওঁ কয়, ‘ভাৰতৰ মূল সমস্যা হৈছে পৰিকল্পনাৰ অভাৱ। এদিনীয়া বিশ্বকাপেই হওক বা টী-২০য়ে হওক, অন্ততঃ বাহিৰৰ পৰা মই সেইটোৱেই অনুভৱ কৰিছো। শেষ মুহূৰ্তত কি কৰিব লাগে সেয়া বুজি উঠিব নোৱাৰে। দলত যিমানেই তাৰকা নাথাকক কিয়, তাত একো সলনি নহ’ব। বিশ্বকাপ জয় কৰিবলৈ দলসমূহে নিজৰ আক্ৰমণৰ পৰিকল্পনা ভালদৰে কৰিব লাগিব।’

কিন্তু কেৰিবিয়ান কিংবদন্তিৰ ৰাহুল দ্ৰাবিড়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষকগৰাকীয়ে আঁতৰি যাব। তেওঁৰ বিষয়ে লাৰাই কয়, “আশাকৰোঁ দ্ৰাবিড়ে পৰিকল্পনা অনুসৰি আগবাঢ়িব পাৰিব। বিশ্বকাপ জয় কৰিবলৈ সকলোৱে একত্ৰিত হোৱাটো প্ৰয়োজন।”

দ্ৰাবিড় বাহিনীয়ে সঠিক পথত খোজ দিব পাৰিবনে? সেইটো বুজিব পৰা যাব যেতিয়া বিশ্বকাপৰ খেল আৰম্ভ হ’ব। ভাৰতৰ প্ৰথমখন খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আছে। ৯ জুনত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে আছে খেল।

Related News