NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাত ইটাভাতাৰ ভয়ংকৰ প্ৰদূষণ

May 29, 2019 11:35 am · ভৱেশ মেধি

কামৰূপ মহানগৰ জিলাৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ এলেকাত অবৈধভাৱে গঢ়ি উঠা ইটাভাতাবোৰে অঞ্চলবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মায়ঙত দুটা, চন্দ্ৰপুৰ চাহ বাগিচাত দুটা, চন্দ্ৰপুৰ থানা বজাৰত এটা, ৰাজাবাৰী পানীখাঁইতীত পাঁচটা, পবিতৰা অঞ্চলত ওঠৰটা মুঠ ২৮টা ইটাভাতা চলি আছে আৰু এইবোৰে নিৰন্তৰ ধোঁৱা এৰি আছে বায়ুমণ্ডলত। ইয়াৰে অধিকাংশ ইটাভাতা অবৈধভাৱে স্থাপন কৰাৰ অভিযোগ।

বছৰৰ ছেপ্টেম্বৰৰ পৰা এপ্ৰিল-মে’লৈকে চলা এই ইটাভাতাবোৰে এই এলেকাবোৰ প্ৰদূষিত কৰি তুলিছে। কয়লাৰ ধোঁৱাই অঞ্চলবাসীৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সত্ত্বেও এই ইটাভাতাবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া, আৰু স্থানীয় পঞ্চায়তবোৰ কোনো গুৰুত্ব নাই। অঞ্চলটোৰ এগৰাকী ব্যৱসায় গণেশ ৰাজবংশীয়ে কয়- “অঞ্চলটোত থকা লোকসকলৰ ছালৰ বেমাৰ, চৰ্দি, কাহ আদি প্ৰায়ে হোৱা দেখা যায়। বহু মানুহৰ মাজত এজমা হোৱা দেখা গৈছে। ইটাভাতা হোৱাৰে পৰা এইবোৰ বেমাৰ বঢ়িছে। কাৰণ আগতে এই ধৰণৰ বেমাৰ মানুহৰ মাজত নাছিল। স্থানীয় বাসিন্দা নিৰ্মল কলিতাই কয় যে অঞ্চলটোৰ বেছিভাগ মানুহেই গাৰ বিষ, ডিঙিৰ বিষ আদি সঘনাই ভোগে। ইয়াতে এলাৰ্জিৰ সমস্যাও বেছি। ছাল ৰঙা পৰি  গুটি গুটি উঠাকে ধৰি বিভিন্ন ধৰণৰ ছালৰ বেমাৰ হয়। তেওঁলোকৰ মতে এই ধৰণৰ বেমাৰবোৰ খৰালি সময়ত বেছিকৈ হয়।

আনহাতে ইটাভাতাই অকল মানুহৰ স্বাস্থ্যৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলোৱা নাই  কৃষি আৰু খোৱাপানীৰ ক্ষেত্ৰততো নেতিবাচক প্ৰভাৱ পেলাইছে। এই সৰ্ম্পকত গণেশ ৰাজবংশীয়ে কয় যে ইটাভাতা হোৱাৰ পিছৰ পৰা ইয়াতে নাৰিকল, তামোল, লাও আদি গছ নহয়। কুঁৱাৰ পানী লেতেৰা হৈছে।

অনিমা বৰঠাকুৰে নামৰ আন এগৰাকী ব্যক্তিয়ে কয়, ইটাভাতা হোৱাৰ পৰা ইটাভাতাৰ ওচৰৰ খেতিপথাৰৰ ঘাঁহ-বন গৰুৱে নাখায়। আৱেলিৰ সময়ত ঘাঁহ-বনৰ ওপৰত ক’লা ৰঙৰ প্ৰলেপ দেখা যায়।

ইপিনে এলেকাটোত থকা পশ্চিম মায়ং হাইস্কুলখনৰ ওচৰত স্থাপন কৰা এটা ইটাভাতাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ কৰ্তৃপক্ষই জনায় যে ১৯৮৪ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ পৰা তিনিশ মিটাৰ দূৰত্বত ১৮ বছৰ পূৰ্বে এই ইটাভাতাটো স্থাপন কৰা হৈছিল। কেন্দ্ৰীয়   প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিয়ম মতে, শিক্ষানুষ্ঠানৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ইটাভাতা স্থাপন কৰিব নোৱোৰে। এই সন্দৰ্ভত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক যশবন্ত দাসে কয় বিদ্যালয়খনৰ ইমান ওচৰতে কেনেদৰে ইটাভাতা স্থাপন কৰিলে নাজানো। কিন্তু ইটাভাতাটো স্থাপন কৰাৰ বাবে বিদ্যালয়খনৰ কৰ্তৃপক্ষই আজিলৈকে কোনো আপত্তিবিহীন প্ৰমাণ পত্ৰ দিয়া নাই। তেওঁৰ দাবী, ইটাভাতাটো স্থাপন হোৱাৰ পিছৰ পৰা অঞ্চলটোৰ লগতে চৌপাশৰ পৰিৱেশ তথা বায়ু প্ৰদূষিত হৈ পৰিছে। পোৰা কয়লাৰ ধোঁৱাই বিদ্যালয়খনৰ টিনপাটবোৰ ক’লা কৰি পেলাইছে। টিনপাট যদি ক’লা কৰি পেলাইছে ইটাভাতাৰ ধোঁৱাই মানুহৰ শৰীৰত কি প্ৰভাৱ পেলাব পাৰে সেয়া সহজে অনুমেয়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গবেষণাৰ তথ্য মতে ইটাভাতাৰ পৰা নিৰ্গত ধোঁৱাত ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, ভাসমান ধূলিৰ কণা প্ৰশ্বাসমান ধূলিকণা অৰ্থাৎ ৰেছপিয়াৰেবল ছাছপেণ্ডেড পাৰ্টকলেট মেটাৰ চমুকৈ  আৰ এছ পি এম,  পি এম টেন আৰু পি অম টু পইন্ট ফাইভ মাত্ৰাধিক নিৰ্গত হয়। ইয়াৰ পৰা মানুহৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ বিৰূপ প্ৰভাৱ পৰে। এইবোৰৰ উপস্থিতিয়ে শ্বাস-প্ৰশ্বাসজনিত তথা অসংক্ৰামক ৰোগ (এন চি ডি এছ) যেনে- এজমা, ব্ৰংকাইটিছ, পালমুনাৰী হাইপাৰটেনচন, হাঁওফাঁওজনিত আৰু শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন চি অ’ পি ডি ৰোগ, মধুমেহ, কৰ্কট ৰোগ মানসিক বিকাৰগ্ৰস্ততা ৰোগ আদি হোৱা দেখা যায়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গবেষণাৰ শেহতীয়া তথ্যমতে গুৱাহাটী তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলত মাত্ৰাধিক ছালফাৰ ডাই অক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড, ভাসমান ধূলিকণা অৰ্থাৎ ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ চমুকৈ এছ পি এম, প্ৰশ্বাসমান ধূলিকণা, পি এম টেন আৰু পি অম টু পইন্ট ফাইভৰ অৱস্থিতি পোৱা গৈছে।

তথ্যমতে, যোৱা দহ  বছৰৰ মানৰ পৰা ইয়াৰ পৰিমাণ বৃদ্ধি পাই আছে। কিন্তু এই ক্ষেত্ৰত গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত গঢ়ি উঠা ইটাভাতাৰ পৰা মানুহৰ স্বাস্থ্য আৰু প্ৰাকৃতিক পৰিৱেশৰ কি ধৰণৰ প্ৰভাৱ পৰিছে সেই সৰ্ম্পকে আজি পৰ্যন্ত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কোনো প্ৰণালীবদ্ধ আৰু বিজ্ঞানসম্মত অধ্যয়ন চলোৱা নাই। চন্দ্ৰপুৰ অঞ্চলৰ হাতীবাগৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক প্ৰণৱ শৰ্মাই কয়, “ মোৰ তাত খৰালি সময়তে ৰোগী বেছি আহে। বাৰিষা সময়ত দৈনিক  ২০-২৫জন ৰোগী অহাৰ বিপৰীতে খৰালিৰ সময়ত দৈনিক ৫০-৬০জন ৰোগী আহে। ইয়াৰ ভিতৰত শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন চি অ’ পি ডি ৰোগৰ ৰোগী আৰু অসংক্ৰামক ৰোগৰ (এন চি ডি এছ) ৰোগী বেছিকৈ আহে। ইয়াতে সংক্ৰামক ৰোগৰ (চি ডি এছ) ৰোগী বিশেষ দেখা নাই।

আনহাতে উন্নত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত অঞ্চলটোত চিকিৎসাসেৱা আগ বঢ়াই অহা কুৱেক(quack) নগেন শৰ্মাই কয়- “মই প্ৰায় ত্ৰিচ বছৰ ধৰি অঞ্চলটোৰ মানুহক চিকিৎসা আগ বঢ়াই আহিছো। এই অঞ্চলবোৰত বিশেষকৈ মানুহৰ মাজত চৰ্দি, কাহ, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদি হোৱা দেখা যায়। ইটাভাতা এলেকাবোৰত সাধাৰণতে মানুহৰ মাজত এলাৰ্জি ধৰণৰ বেমাৰ, খুজুৱতি আৰু মুখৰ ঘা আদি বেছি হোৱা দেখা যায়। মধুমেহ ৰোগীও বহুত আছে।”

Related News