স্বামীৰ সন্মুখতে নৱবধুক দলবদ্ধ ধ*ৰ্ষণ! মধ্যপ্ৰদেশত চাঞ্চল্যকৰ ঘটনা
মাত্ৰ কেইদিনমান আগত বিবাহপাশত আৱদ্ধ হৈছিল এইহাল দম্পতী। বিয়াৰ পিছত ফুৰিবলৈ ওলাই গৈছিল স্বামী-স্ত্ৰী। তেতিয়াই ঘটিল ভয়ানক ঘটনা। স্বামীৰ সন্মুখতে পত্নীক ধৰ্ষণ কৰিলে কেইবাটাও পাষণ্ডই।
জানিব পৰা মতে, এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
যোৱা ২১ অক্টোবৰ, সোমবাৰে মধ্যপ্ৰদেশৰ ৰেৱা জিলাত সংঘটিত হৈছিল এই ঘটনা।
ভুক্তভোগী মহিলাগৰাকীৰ বয়স ১৯ বছৰ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে মহিলাগৰাকীয়ে স্বামীৰ সৈতে পিকনিকৰ স্থানলৈ গৈছিল। সেই সময়ত সেই ঠাইলৈ আঠজন ডেকা ল’ৰা আহিছিল। তাৰ পিছত তেওঁলোকে মহিলাগৰাকীক অবিৰতভাৱে হাৰাশাস্তি কৰিবলৈ ধৰিলে। যেতিয়া স্বামীয়ে প্ৰতিহত কৰিলে, তেতিয়া তেওঁক মাৰপিট কৰা হ’ল।
অভিযোগ অনুসৰি, স্বামীক গছত বান্ধি সন্মুখত মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল আঠজন লোকে। আনকি অভিযুক্তই সমগ্ৰ ঘটনাৰ ভিডিঅ’ও বনাইছিল। আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিলে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত মুকলি কৰা হ’ব বুলি হুংকাৰ দিছিল।
ৰেৱা জিলাৰ উপ-আৰক্ষী অধীক্ষক হিমালী পাঠকে সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, ভুক্তভোগী গৰাকীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে। ইতিমধ্যে গোচৰ ৰুজু কৰি ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বাকী থকাজনৰ সন্ধান অব্যাহত থকা বুলি জানিব পৰা গৈছে।