• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়াৰ কেইঘন্টামান পাছতেই টকা, আ-অলংকাৰ লৈ পলাল কইনা; মূৰে-কপালে হাত দিলে দৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 12:39 pm
WhatsApp Image 2021-03-16 at 12.07.31 PM

প্ৰতিনিধিত্বমূলক ফটো।

354
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰৰ কাহিনীৰ দৰেই ঘটিল এই ঘটনা। বিয়াৰ মাত্ৰ পাঁচ ঘন্টাৰ ভিতৰতে টকা-পইচা, আ-অলংকাৰ লৈ পলাই গ’ল কইনা।

শুনিবলৈ আচৰিত যেন লাগিলেও উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছে এনে এক ঘটনা।

বাতৰি অনুসৰি, শ্বাহজাহানপুৰৰ পোয়ায়ানৰ বাসিন্দা ৩৪ বছৰীয়া এগৰাকী ব্যক্তিয়ে নিজৰ বাবে কইনা বিচাৰি হাবাথুৰি খাইছিল।

তেনে সময়তে ব্যক্তিগৰাকীৰ বৌৱেকে ফাৰুকাবাদৰ বাসিন্দা কইনাগৰাকীৰ সন্ধান আনি দিয়ে। ব্যক্তিগৰাকীৰ জনা শুনা দুগৰাকী লোকেও কইনাৰ পৰিয়ালক চিনি পোৱাৰ কথা জনায়।

ইয়াৰ পাছতে বিয়াৰ কথা চূড়ান্ত হয়। কিন্তু ছোৱালীজনীৰ পৰিয়ালে জানিবলৈ দিয়ে যে তেওঁলোক খুব দুখীয়া। সেয়েহে, বিয়াৰ বাবে কিছু টকাৰ প্ৰয়োজন।

ইয়াৰ পাছত দৰাৰ ঘৰৰ পৰা কইনাৰ পৰিয়াললক ৩০ হাজাৰ টকা দিয়া হয়। যোৱা শুকুৰবাৰে ফাৰুকাবাদৰ এটা মন্দিৰত তেওঁলোকৰ বিয়া সম্পন্ন হয় আৰু দৰা-কইনা পোয়ায়ানলৈ গুচি যায়।

পিচে, ইয়াৰ কেইঘন্টামান পাছতে দৰাঘৰৰ লোকসকলৰ মূৰত বজ্ৰপাত পৰাদি পৰে। তেওঁলোকে গম পায় যে টকা-পইচা আৰু আ-অলংকাৰ লৈ কইনা পলাই গ’ল। লগতে সেই ব্যক্তি দুগৰাকীৰো সন্ধান নাই।

দৰাৰ পৰিয়ালে তেওঁলোকক বিচাৰি অভিযান আৰম্ভ কৰে। কিন্তু তাতো কোনো লাভ নহ’ল। অৱশেষত দেওবাৰে তেওঁলোকে আৰক্ষীৰ ওচৰত অবিযোগ দাখিল কৰে।

আৰক্ষীয়ে ইতিমধ্যে অবিযুক্ত কেইজনৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু দৰাৰ লগতে দৰাৰ বৌৱেকৰ ভাষ্য লিপিবদ্ধ কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd