বানে উটুৱাই নিলে পাটপাৰা সংযোগী দলং,২৫ খন গাঁৱৰ ৰাইজৰ দুৰ্ভোগ

cc

ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈ সমূহ ৷

মেঘালয়ৰ পৰা নামি অহা পানীয়ে উটুৱাই নিলে দামৰা পাটপাৰা সংযোগী এখন বাঁহৰ দলং ৷
ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

দলং উটুৱাই নিয়াৰ পিছত ফলত মৰণত শৰণ দি তুলুঙা নাঁৱৰে যাতায়াত প্ৰায় ২৫ খন গাঁৱৰ ৰাইজৰ ।
বাৰম্বাৰ আবেদন কৰাৰ পিচতো এই অঞ্চলৰ ৰাইজে নাপালে এখন পকী দলং, যাৰ বাবে বাৰিষা আহিলেই যমৰ যাতনা ভূগিব ল’গা হয় ৰাইজে ৷

ইয়াৰ পূৰ্বেও এই একে স্থানতে নাওঁ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছিল ৷

নতুন মুখ্যমন্ত্ৰীক ৰাইজৰ আহ্বান বিপদ সংকুল যাত্ৰাৰ পৰা ৰাইজক মুক্ত কৰি তাত পকী দলঙৰ ব্যৱস্থা কৰক ৷