NORTHEAST NOW (Assamese)

অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ বন্ধৰ দাবীত গোলাঘাটত বৃঃ অঃ যুঃ মঃৰ উপায়ুক্তক স্মাৰকপত্ৰ

February 14, 2019 10:45 pm · এন ই নাও নিউজ

দীৰ্ঘদিন ধৰি গোলাঘাট জিলাত চলি থকা অবৈধ অৰুণাচলী সুৰা সৰবৰাহ বন্ধ কৰাৰ লগতে এই অবৈধ সুৰা সৰবৰাহৰ লগত জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে আজি জিলাখনৰ উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে।

সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰে যে জিলাখনৰ মাজেৰে আজি দীৰ্ঘদিন ধৰি কেইজনমান ব্যক্তিয়ে অৰুণাচলৰ পৰা কৰ ফাকি দি নুমলীগঁড় আৰু গোলাঘাটৰ মাজেদি অবৈধভাৱে ডিমাপুৰলৈ দৈনিক ট্ৰাকে ট্ৰাকে অৰুণাচলী সুৰা প্ৰেৰণ কৰি আহিছে। যাৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে।

তাৰোপৰি সংগঠনটোৱে নমুলীগড়, গোলাঘাট জিলাত কেইবাখনো আৰক্ষী চকী থকাৰ পিছতো এনেদৰে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ হৈ থকা কাৰ্যত  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ফলত সংগঠনটোৱে আজি জিলা উপায়ুক্ত স্মাৰকপত্ৰ প্ৰদান কৰি জিলাখনৰ মাজেৰে চলি থকা এই অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে। লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে।

Related News