NORTHEAST NOW (Assamese)

শিৱসাগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু কিণ্ডেল ডেণ্টেলৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ

August 26, 2018 8:10 am · পাৰ্শ্বজ্যোতি গগৈ
বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ সমিতিয়ে ইণ্ডিয়ান ডেণ্টেল এছ’চিয়েচন তথা কিণ্ডেল ডেণ্টেল শিৱসাগৰ শাখাৰ সহযোগত শনিবাৰে বিনামূলীয়া দন্ত চিকিৎসা আৰু সজাগতা শিবিৰ আয়োজন কৰে।
এই উপলক্ষে উক্ত দন্ত চিকিৎসা শিবিৰটো মুকলি কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই। উদ্বোধনী ভাষণত জিলা উপায়ুক্তই নিয়মীয়া দন্ত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ উল্লেখ কৰাৰ লগতে বিনামূলীয়া শিবিৰৰ দ্বাৰা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ৰাইজৰ বাবে যি সেৱা আগবঢ়াইছে তাৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চলৈ ধন্যবাদ জ্ঞাপন কৰিছে।
উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামুল হাজৰীকা, অতিৰিক্ত উপায়ুক্ত প্ৰিয়াংকু শৰ্মা, ৰাজহ চক্ৰ বিষয়া সম্প্ৰিতী গোস্বামী, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিকাশ কোচ, বিষ্ণু শইকীয়া, প্ৰশান্ত বৰগোহাঁইৰ লগতে বিভিন্ন কৰ্মকৰ্তা আৰু কিণ্ডেল ডেণ্টেল শাখাৰ ডাঃ ৰাজদ্বীপ নাথ আৰু অন্যান্য দন্ত চিকিৎসকসকল।
এই বিনামূলীয়া দন্ত চিকিৎসা শিবিৰত ৫ গৰাকী দন্ত চিকিৎসকৰ দ্বাৰা  প্ৰায় দুই শতাধিক ব্যক্তিৰ দন্ত চিকিৎসা কৰাৰ লগতে বিভিন্ন ধৰণে দিহা পৰামৰ্শ আগবঢ়াই।

Related News