ডাইনীজনিত অন্ধবিশ্বাস কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱা ‘অসম ডাইনী বিৰোধী আইন-২০১৫’ ৰাজ্যত এতিয়ালৈকে বলৱৎ হোৱা নাই। ৰাষ্ট্ৰপতিয়ে যোৱা ১৩ জুনতে আইনখনত অনুমোদন জনোৱাৰ পিছতো ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ গাফিলতিৰ বাবে আইনখন কাৰ্যকৰী হোৱাত বিলম্ব হোৱাৰ অভিযোগ কৰিছে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ।
ডাইনীজনিত ঘটনা কঠোৰ হাতেৰে দমন কৰাৰ উদ্দেশ্যে আইনখন প্ৰস্তুত কৰা হৈছে যদিও কেতিয়াৰ পৰা ৰাজ্যৰ আৰক্ষী প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে নতুন আইনমতে কাম কৰিব, সেয়া জাননীখনত উল্লেখ নকৰাত আৰক্ষী বিভাগো বিমোৰত পৰিব বুলি সদৰী কৰে শইকীয়াই।
উল্লেখযোগ্য যে কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত দালাং গাঁৱৰ এটি ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হৈ শনিবাৰে মানৱ অধিকাৰ কৰ্মী শইকীয়াই ৩০ জুনত চৰকাৰে দিন-বাৰ নোহোৱাকৈ আইনখনৰ ৰাজপত্ৰিত অধিসূচনা প্ৰকাশ কৰা কাৰ্যক সমালোচনা কৰে।
আনহাতে, দালাং গাঁৱৰ এগৰাকী মহিলাক চুবুৰীয়া একাংশ লোকে ডাইনী সজাব বিচৰা কাৰ্যত মানৱ অধিকাৰ কৰ্মগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰি মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
দুৰ্বাগ্যজনকভাৱে অঞ্চলটোৰ একাংশ লোকে বহুদিনৰ পৰা মহিলাগৰাকীক অমংগলীয়া, তেওঁৰ বাবে ওচৰ চুবুৰীয়াৰ বেমাৰ-আজাৰ হোৱা, দেখিলে যাত্ৰা ভংগ হোৱা, ভূতে লম্ভা, গাঁৱৰ উন্নতি নোহোৱা আদি অপবাদ দি মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল।
এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কমলপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত কমলপুৰ আৰক্ষী, ৰঙিয়া মহকুমা আৰক্ষী, কমলপুৰ ৰাজহ চক্ৰ বিষয়া বেদাংগ তালুকদাৰৰ উদ্যোগত অঞ্চলটোত এখন সজাগতা সভাও অনুষ্ঠিত হয়। ভৱিষ্যতে কোনো লোকে ভুক্তভোগী পৰিয়ালটোক নিৰ্যাতন চলোৱাৰ চেষ্টা কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সকীয়াই দিয়ে।
ইপিনে শনিবাৰে ঘটনাস্থলীত কমলপুৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসসহ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক সকলোধৰণে সহায় কৰাৰ বাবে আশ্বাস দিয়ে।
আনহাতে, মানৱ অধিকাৰ কৰ্মী দিৱ্যজ্যোতি শইকীয়াই নৰ্থইষ্ট নাওৰ আগত কয়, ”এনেধৰণৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ডাইনী বিৰোধী আইনখন অনা হৈছিল। কিন্তু ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ গাফিলতিৰ বাবে আইনখন বলবৎ কৰিব পৰা নাই। এই কঠোৰ আইনখন বলবৎ হ’লে ডাইনী কাণ্ড প্ৰতিৰোধ কৰিব পৰা যাব। চৰকাৰে এইক্ষেত্ৰত তৎপৰতা দেখুৱাব লাগে।”