প্ৰৱঞ্চনা কৰি অলিম্পিকলৈ গৈছিল ভিনেশ ফ’গাট, প্ৰতিবাদৰ আঁৰত আছিল কংগ্ৰেছৰ হাত : ব্ৰীজভূষণ শৰণ সিং

অলিম্পিকত উজ্জ্বলি উঠা মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাটক আক্ৰমণৰ লক্ষ্যত কৰি লৈছে ব্ৰীজভূষণ শৰণ সিঙে। এইজন ব্ৰীজভূষণৰ বিৰুদ্ধেই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল দেশৰ কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৱে।

মঙলবাৰে কংগ্ৰেছত যোগদান কৰিছে ভিনেশ ফ’গাটে। আহি থকা হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভিনেশে।

কংগ্ৰেছত যোগদান কৰাৰ পিছতেই এতিয়া আকৌ এবাৰ বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ভিনেশে ফ’গাট। ভিনেশক আক্ৰমণ কৰিছে খোদ ইণ্ডিয়ান ৰেছলিং ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ প্ৰাক্তন সাংসদ ব্ৰীজভূষণ শৰণ সিঙে। অলিম্পিকৰ মঞ্চত ভিনেশে আন মল্লযুঁজাৰুক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্ৰীজভূষণে।

উল্লেখ্য যে বজৰং পুনিয়া, ভিনেশ ফ’গাট, সাক্ষী মালিককে ধৰি কেইবাগৰাকীও মল্লযুঁজাৰুৱে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ব্রিজ ভূষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ এই প্ৰতিবাদৰ ফলস্বৰূপেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তদানীন্তন ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি পদৰ পৰা ব্ৰীজভূষণক অপসাৰণ কৰা হৈছিল।

আনকি ২০২৪ চনৰ সাধাৰণ ব্ৰীজভূষণক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাছিল ভাৰতীয় জনতা পাৰ্টীয়ে। তেতিয়াৰ পৰা মনে মনে আছিল ব্ৰীজভূষণ। কিন্তু ভিনেশে কংগ্ৰেছত যোগদান কৰাৰ পিছত পুনৰ ভিনেশক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙে।

ব্ৰীজভূষণে কয়, ‘মই বিনেশ ফ’গাটক সুধিব বিচাৰো যে এজন খেলুৱৈয়ে এদিনতে দুটা ওজনৰ শাখাত ট্ৰাইল দিব পাৰেনে? ওজন জোখাৰ পিছত পাঁচ ঘণ্টা ধৰি ট্ৰায়েল বন্ধ কৰিব ৰাখিব পাৰিনে? আচলতে ভিনেশ মল্লযুঁজত জয়ী হোৱা নাছিল, প্ৰৱঞ্চনা কৰি অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ভগৱানে ভিনেশক এই প্ৰৱঞ্চনাৰ শাস্তি দিলে।”

ইয়াৰ উপৰিও ব্ৰীজভূষণে অভিযোগ উত্থাপন কৰিছে যে কোনো ট্ৰায়েল অবিহনেই এছিয়ান গেমছলৈ গৈছিল বজৰং পুণিয়া।

লগতে ব্ৰীজভূষণে কয়, “হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন বিজেপিৰ যিকোনো প্ৰাৰ্থীয়েই ভিনেশক পৰাস্ত কৰিব পাৰিব। মই কোনো মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা নাই। ভিনেশ আৰু বজৰঙে মোৰ ওপৰত ষড়যন্ত্ৰ চলাইছে। এই প্ৰতিবাদৰ আঁৰত কংগ্ৰেছৰ হাত আছিল।”