NORTHEAST NOW (Assamese)

বিজেপি নেতাৰ অতপালি : ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণৰ কনভয়ৰ খুন্দাত নিহত দুটা শিশু, আহত আন এজন

May 29, 2024 2:08 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 29, 2024 3:47 pm

উত্তৰ প্ৰদেশৰ গোণ্ডাৰ কৰ্ণেলগঞ্জ-হুজুৰপুৰ পথৰ বৈকুণ্ঠ ডিগ্ৰী মহাবিদ্যালয়ৰ সমীপত বিজেপি লোকসভাৰ প্ৰাৰ্থী কৰণ ভূষণ সিঙৰ কনভয়ৰ এখন তীব্ৰবেগী গাড়ীএৰ খুন্দাত দুটা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়।

জানিব পৰা মতে, আৰক্ষীয়ে গাড়ীখন জব্দ কৰি শিশুকেইটাৰ মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত কৰে বিজেপি প্ৰাৰ্থী কৰণ ভূষণ শৰণ সিঙৰ কনভয়ৰ এখন গাড়ীয়ে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সেই কনভয়ত কৰণ ভূষন আছিল নে নাই সেয়া সম্প্ৰতি তদন্ত চলি আছে। প্ৰাৰম্ভিক প্ৰতিবেদনত তেওঁৰ নাম উল্লেখ কৰা হোৱা নাই।

অভিযোগৰ ভিত্তিত কৰ্ণেলগঞ্জ থানাত গোচৰ ৰুজু কৰা হৈছে। গাড়ীখন আৰু ইয়াৰ চালকক জিম্মাত লৈ আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ পুত্ৰ কৰণ ভূষণ সিং। কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত ব্ৰীজভূষণক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই। তাৰ সলনি পুত্ৰ কৰণ ভূষণ সিঙক উত্তৰ প্রদেশৰ কৈছেৰগঞ্জ লোকসভা আসনৰ প্রার্থী হিচাপে মনোনীত কৰিছে বিজেপিয়ে৷

লগতে পঢ়কঃ কৰ্ণাটকৰ বিজেপি নেতা য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দিয়া মহিলাৰ ৰহস্যজনক মৃত্যু
লগতে পঢ়কঃ “ আমি লাহোৰ চুক্তি ভংগ কৰিছিলোঁ” : কাৰ্গিল যুদ্ধৰ ২৫ বছৰৰ পিছত নিজৰ অন্যায় কৰ্ম মানি ল’লে পাকিস্তানে
লগতে পঢ়কঃ পানীত পৰিল ১৩ হাজাৰ কোটি টকা!  উদ্বোধনৰ ৩ মাহ নহওতেই ফুটা ওলাল আৰৱ সাগৰৰ তলত নিৰ্মিত সুৰংগত

Related News