• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ জাহাংগীৰপুৰীৰ ঘটনাকলৈ চিপিআইএম নেত্ৰী বৃন্দা কাৰাটৰ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2022 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) পলিট ব্যুৰোৰ সদস্য বৃন্দা কাৰাটে আৰু  চিপিআই(এম)ৰ দিল্লী ৰাজ্যিক সমিতিৰ সচিব কে.এম তিৱাৰীয়ে দিল্লীৰ জাহাংগীৰপুৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লীৰ আৰক্ষী আয়ুক্তলৈ এখন পত্ৰখন লিখিছে। 

যোৱা ১৬ এপ্ৰিলত জাহাংগীৰপুৰীত সংঘটিত সাম্প্ৰদায়িক প্ৰকৃতিৰ হিংসাত্মক ঘটনাত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত নেতাদ্বয়ে এই পত্ৰখন লিখিছে। 

পত্ৰখনত অভিযোগ কৰি কোৱা হৈছে যে ‘’কেইবাটাও টিভি চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ প্ৰমাণৰ লগতে আমাৰ তথ্য বিচাৰি যোৱা দলে চাক্ষুস সাক্ষীৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদনত প্ৰমাণিত হৈছে যে বজৰং দলৰ যুৱ শাখাৰ সদস্যসকলে উলিওৱা শোভাযাত্ৰাত কেইবাজনো লোকে মুক্তভাৱে তৰোৱাল, লাঠী আৰু লগতে আচৰিতভাৱে আগ্নেয়াস্ত্ৰ লৈ সজ্জিত আছিল। শোভাযাত্ৰাৰ সময়ত এই অস্ত্ৰবোৰ মুকলিকৈ প্ৰদৰ্শন কৰা হৈছিল।‘’

Apply Now

পত্ৰখনত প্ৰশ্ন কৰা হৈছে, ‘’আৰক্ষীয়ে কৈছে যে শোভাযাত্ৰাটোত আৰক্ষীৰ অনুমতি আছিল। তেন্তে আৰক্ষীয়ে তেওঁলোকক অস্ত্ৰ কঢ়িয়াবলৈ অনুমতি দিছিল নেকি?’’

পত্ৰখনত নেতাদ্বয়ে উত্থাপন কৰা অভিযোগসমূহৰ লগতে দাঙি ধৰা সংশ্লিষ্ট বিষয়সমূহ তলত হুবহু আগবঢ়োৱা হ’ল।

দৰাচলতে অস্ত্ৰ কঢ়িয়াই অনা শোভাযাত্ৰাকাৰীসকলে স্পষ্টভাৱে অস্ত্ৰ আইন উলংঘা কৰিছিল। এনে উলংঘনৰ বাবে কাৰাদণ্ডৰ কঠোৰ ব্যৱস্থা আছে। সংবাদ মাধ্যমলৈ আপোনাৰ বিবৃতিৰ পৰা শোভাযাত্ৰাত থকা লোকসকলক আপুনি চিনাক্ত কৰিছে নে নাই বা যিসকলে অস্ত্ৰ-শস্ত্ৰ লৈ আছিল তেওঁলোকক অস্ত্ৰ আইনকে ধৰি আইনৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে নে নাই এইটো স্পষ্ট নহয়। আপোনাৰ বিবৃতিৰ পৰা এইটোও অস্পষ্ট যে আৰক্ষীৰ ভূমিকাৰ ওপৰত কোনো তদন্ত হৈছে নে নাই। ৰোজা (উপবাস) ভংগৰ প্ৰাৰ্থনা আৰম্ভ হোৱাৰ ঠিক সেই সময়তে মছজিদৰ সন্মুখত উচটনিমূলক আৰু আক্ৰমণাত্মক শ্ল’গান দি সশস্ত্ৰ শোভাযাত্ৰা ৰখাৰ অনুমতি দিয়াৰ বাবে কোন দায়বদ্ধ? আৰক্ষীৰ এনেধৰণৰ ইচ্ছাকৃতভাৱে পৰিস্থিতিক অৱজ্ঞা কৰাৰ ফলতে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে।

আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে একংশ আৰক্ষী কৰ্মীও কৰ্তব্যৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল। অৱশ্যে এইটো ক’ব পাৰি যে যদি জ্যেষ্ঠ বিষয়াসকলে শোভাযাত্ৰাৰ বাবে অনুমতি দিয়াৰ আগতে যথাযথ ব্যৱস্থাবোৰ নিশ্চিত কৰিলেহেঁতেন, পৰ্যাপ্ত আৰক্ষীৰ ব্যৱস্থা কৰিলেহেঁতেন, শোভাযাত্ৰাকাৰীসকলক অস্ত্ৰ কঢ়িয়াই নিয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’লহেঁতেন, বা শোভাযাত্ৰাটো মছজিদৰ সন্মুখত ৰ’বলৈ দিয়া নহ’লহেঁতেন – তেতিয়া ঘটনাবোৰ সংঘটিত নহ’লহেঁতেন।

মন কৰিব লাগিব কথাটো হ’ল যে এই ক্ষেত্ৰত আগতে কেতিয়াও সাম্প্ৰদায়িক প্ৰকৃতিৰ ঘটনা সংঘটিত হোৱা নাছিল। দুটা সম্প্ৰদায়ে একেলগে সম্প্ৰীতিতৰে বাস কৰি আহিছে। এইটোৱে প্ৰমাণ কৰে যে অনুষ্ঠান শোভাযাত্ৰাৰ নামত বাহিৰৰ লোকে আয়োজন কৰিছিল।

আমাৰ ওচৰত এইটোও তথ্য আছে যে পুৰুষ আৰক্ষীয়ে নিশা চি ব্লকৰ ঘৰত অভিযান চলাই মহিলাসকলৰ গাত হাত দিয়াৰ লগতে প্ৰহাৰ কৰিছিল। এইটোৱে  পুৰুষ আৰক্ষী কৰ্মীসকলক এগৰাকী মহিলাক স্পৰ্শ কৰিবলৈ নিষেধ কৰা সকলো মৰ্যাদা তথা নিয়ম ভংগ কৰিছে।

তদুপৰি, ১৭ তাৰিখে যেতিয়া আমাৰ সদস্যসকলে আনসকলৰ সৈতে জাহাংগীৰপুৰী আৰক্ষী থানাত অতিৰিক্ত ডিচিপি কিষেণ কুমাৰক সাক্ষাৎ কৰিছিল, তেওঁলোকে দেখি আচৰিত হৈছিল যে বিজেপিৰ নেতাসকলে থানাৰ চৌহদৰ ভিতৰত এখন সংবাদমেল অনুষ্ঠিত কৰি আছে। এইটো অত্যন্ত বিৰল আৰু বৰ্তমানৰ গোচৰটোত আৰক্ষীৰ ভূমিকা সম্পূৰ্ণৰূপে পক্ষপাতদুষ্ট হোৱাৰ আশংকা শক্তিশালী কৰে।

এই পত্ৰখন হৈছে আপোনাক সেই আৰক্ষী কৰ্মীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা (১) যিসকলে শোভাযাত্ৰাটোক অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াবলৈ অনুমতি দিছিল (২) যিসকল পৰ্যাপ্ত ব্যৱস্থাৰ গ্ৰহণত দায়বদ্ধ আছিল (৩) যিয়ে শোভাযাত্ৰাটো মছজিদৰ সন্মুখত ৰ’বলৈ অনুমতি দিছিল, আৰু (৪) যিসকলে একপক্ষীয় পক্ষপাতদুষ্ট তদন্ত চলাই আছে। আপুনি কৈছে যে দুয়োটা সম্প্ৰদায়ৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আমি সেই সকলো দোষীক গ্ৰেপ্তাৰ আৰু শাস্তিৰ পক্ষত আছো। অৱশ্যে বেছিভাগ গ্ৰেপ্তাৰ সংখ্যালঘু সম্প্ৰদায়ৰ হৈছে যদিও ঘটনাপ্ৰবাহে দেখুৱায় যে ঘটনাটোত মূল উচটনি আৰু পৰিকল্পনা সেই সংগঠনটোৱে কৰিছিল যিয়ে শোভাযাত্ৰাটো আয়োজন কৰিছিল আৰু আৰক্ষীয়ে কোৱা অনুসৰি সেইটো বজৰং দলৰ সহযোগী আছিল।

যি অপৰাধ শাখাক তদন্তটো হস্তান্তৰ কৰা হৈছে সেইটো আৰক্ষী বাহিনীৰ সামগ্ৰিক কৰ্তৃত্বৰ অধীনত আছে যি জাহাংগীৰপুৰীৰ ঘটনাৰ ক্ষেত্ৰত দায়বদ্ধ। সেয়েহে চিপিআই(এম)য়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ন্যায়িক তদন্ত/নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। ইয়াৰ লগতে আমি আপোনাক দায়ী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।     

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

June 22, 2026 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd