বি পি এফে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাই জনজাতিৰ ধ্বংস মাতিছে : বৃন্দা কাৰাট

12-04-19 Nalbari- Brinda Karat election camapaining (7)

বৰমাত নিৰ্বাচনী সভাত বাওঁপন্থী নেত্ৰী বৃন্দা কাৰাট। ফটো : য়ু বি

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বি টি এ ডিত ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰে উত্তাপ বৃদ্ধি কৰি তুলিছে। কংগ্ৰেছ, বি পি এফৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে শুকুৰবাৰে বাওঁপন্থী দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহে ৰাষ্ট্ৰীয় নেত্ৰী বৃন্দা কাৰাট।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চি পি আই এম দলৰ পুলিট ব্যুৰৰ সদস্য বৃন্দা কাৰাটে নিৰ্বাচনী প্ৰচাৰ চলায়।

শুকুৰবাৰে বৰমা বিধানসভা সমষ্টিৰ বৰঝাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কাৰাটেনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। বিধেয়কখন গৃহীত হ’লে দেশৰ সংবিধানৰ ওপৰত তীব্ৰ প্ৰত্যাহ্বান আহিব বুলি মন্তব্য কৰে নেত্ৰীগৰাকীয়ে। তদুপিৰ,বিধেয়কখন গৃহীত হ’লে অসম চুক্তি উলংঘা হ’ব বুলিও বৃন্দা কাৰাটে স্পষ্ট কৰি দিয়ে।

আনহাতে, বিভিন্ন জাতীয় সংগঠনৰ লগতে চি পি আই এম দলেও বিধয়কখনৰ বিৰোধিতা কৰি অহাৰ কথা প্ৰকাশ কৰি বাওঁপন্থী ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে সদায় দৰিদ্ৰ শ্ৰেণীৰ বাবে সংগ্ৰাম কৰি যাব বুলি সদৰী কৰে।

নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই এম প্ৰাৰ্থী বিৰাজ ডেকা বিজয়ী হ’লে সমষ্টিটোত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত একতা বৃদ্ধি পাব বুলি মন্তব্য কৰি কাৰাটে ‘দেশ বচাও বিজেপি হাটাও’ শ্লোগানেৰে সৰ্বসাধাৰণৰ মাজত সোমাই যোৱাৰ আহ্বান জনায়।

দেশত এইবাৰ নিৰ্বাচনত সামগ্ৰিকভাৱে চি পি আই এমৰ আসন বৃদ্ধি পাব বুলিও দাবী কৰে বাওঁপন্থী নেত্ৰীগৰাকীয়ে। তেওঁ লগতে কৃষক শ্ৰমিকৰ উন্নয়নৰ কাৰণে কাম কৰি যোৱা চি পি আই এম দলে চৰকাৰ গঠন কৰিলে এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন হ’ব বুলিও মন্তব্য কৰে।

বাওঁপন্থী নেতা পুৰুষোত্তম শৰ্মাই সভাপতিত্ব কৰা সভাখনত দলৰ প্ৰাৰ্থী বিৰাজ ডেকাইয়ো ভাষণ দিয়ে। সভাত  চি পি আই এমৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।