বিশ্বৰ এখন প্ৰাচুৰ্যৰে ভৰা দেশ ব্ৰিটেইনক এতিয়া গ্ৰাস কৰিছে অৰ্থনৈতিক মন্দাৱস্থাই। বিগত কেইবামাহো ধৰি দেশ খনত বস্তুৰ দাম হোৰা-হোৰে বৃদ্ধি পাইছে। ইয়াৰ মাজতে জনতাৰ ওপৰত জাপি দিয়া হৈছে অত্যধিক কৰৰ বোজা।সেয়ে ঋষি চুনাকে প্ৰধানমন্ত্ৰী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিশেষকৈ দেশ খনৰ ভাগি পৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ চুনাকে দেশবাসীৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিবলগীয়া হৈছে।
ব্ৰিটেইনৰ অৰ্থনীতি এতিয়া মুঠেও সুস্থিৰ নহয়।এই কথা স্বীকাৰ কৰিছে খোদ ব্ৰিটেইনৰ বিত্ত মন্ত্ৰী জেৰেমি হাণ্টে । হাণ্টে কয় যে বহু প্ৰতীক্ষিত ব্ৰিটেইনত এতিয়া মন্দাৱস্থা চলিছে। সেইবাবেই কৰ বৃদ্ধি আৰু ব্যয় হ্ৰাসৰ কথা ঘোষণা কৰিবলৈ টৰকাৰ বাধ্য হৈছে বুলি হাণ্টে প্ৰকাশ কৰিছে।
কৰ বৃদ্ধিৰ জৰিয়তে প্ৰায় ২৫ বিলিয়ন ডলাৰআৰু ব্যয় হ্ৰাস কৰি প্ৰায় ৩০ বিলিয়ন ডলাৰ অৰ্জন কৰিবপৰা যাব বুলি চৰকাৰ এতিয়া আশাবাদী। উল্লেখ্য ব্ৰিটেইনত অপ্ৰত্যাশিতভাবে কৰ ২৫ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। দেশ খনৰ হাউচ অৱ কমন্সত দিয়া ভাষণৰ সময়ত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে পুঁজিবিহীন কৰ হ্ৰাস বিপজ্জনক। ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে লিজ ট্ৰাছৰ কাৰ্যকালত প্ৰৱৰ্তন কৰা ছেপ্টেম্বৰৰ মিনি বাজেটৰ কথা উল্লেখ কৰি তেওঁ কয় যে লিজ ট্ৰাছ চৰকাৰে প্ৰৱৰ্তন কৰা মিনি বাজেটৰ ফলত ব্ৰিটেইনৰ বজাৰ আৰু মূলধনৰ বজাৰত সংকটৰ সৃষ্টি হৈছে। মুদ্ৰাস্ফীতি হ্ৰাস কৰাটো এতিয়া চৰকাৰৰ বাবে প্ৰথম কাম হ’ব বুলিও তেওঁ কয়।
জেৰেমি হান্টে ব্ৰিটেইনৰ বিত্তীয় নীতি আৰু মুদ্ৰা নীতিৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়তো অধিক আলোকপাত কৰে। প্ৰধানমন্ত্ৰী ঋষি চুনাকে কৈছে যে মুদ্ৰাস্ফীতি হ্ৰাস কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ।ব্ৰিটেইনৰ মুদ্ৰাস্ফীতিয়ে ৪১ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছে, আৰু এই মুহূৰ্তত ই প্ৰায় ১১.১ শতাংশ হৈছে।