NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ প্ৰভাৱ; ১৭৭৯ চনৰ পাছত ২০২০ চনত ব্ৰিটেইনৰ অৰ্থনীতিত সৰ্ববৃহৎ খহনীয়া

July 1, 2020 11:08 am · এন ই নাও নিউজ

১৯৭৯ চনৰ পাছত ২০২০ চনত প্ৰথমবাৰৰ বাবে ব্ৰিটেইনৰ অৰ্থনীতি বৃহ খহনীয়াৰ কবলত পৰিছে।

ক’ৰ’না মহামাৰীৰ বাবে ব্ৰিটেইনৰ অৰ্থনীতি এনে খহনীয়া আৰম্ভ হৈছে।

২০২০ চনৰ আৰম্ভণিতে ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে ব্ৰিটেইনৰ জি ডি পি প্ৰথম তিনিমাহত ২.২ শতাংশকৈ হ্ৰাস পাইছে।

বেংক অফ ইংলেণ্ডে উল্লেখ কৰা মতে, ২০২০ চনৰ প্ৰথম ছয় মাহৰ ভিতৰত ব্ৰিটেইনৰ অৰ্থনীতি ২০ শতাংশ হ্ৰাস পাব।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্ব অৰ্থনৈতিক সংকটৰ সন্মুখিন হ’বলৈ গৈ আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আই এম এফে বাৰে বাৰে সকীয়নি দি আহিছে।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনেও ক’ৰ’না মহামাৰী ব্ৰিটেইনৰ বাবে এক ডাঙৰ সংকট হিচাপে অভিহিত কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতেও ক’ৰ’নাৰ সংকটৰ সময়ত সৃষ্টি হোৱা  অৰ্থনৈতিক সংকটৰ সৈতে যুঁজাৰ বাবে চেষ্টা চলায় আছে।

ৰাষ্ট্ৰসংঘয় এই সংকটৰ সময়ত বিশ্বৰ সকলো দেশক সংঘবদ্ধ হৈ আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনাইছে।

Related News