চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক

UK’s ‘golden era’ with China is now over ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে কৈছে যে চীনৰ সৈতে সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে। ঋষিয়ে চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ স্থিতি সলনি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। লণ্ডনত বৈদেশিক নীতিৰ ওপৰত তেওঁৰ প্ৰথমটো ভাষণত ঋষি চুনাকে এইদৰে কয়।

ঋষিয়ে চীনৰ সৈতে ব্ৰিটেইনৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ অৰ্থনৈতিক সম্পৰ্কৰ বিষয়টোকো সমালোচনা কৰে।

তেওঁ কয় যে তেওঁ ব্ৰিটেইনৰ প্ৰতিদ্বন্দী দেশসমূহৰ সন্দৰ্ভত নীতিৰ পৰিৱৰ্তন বিচাৰে। ঋষিয়ে লগতে সতৰ্ক কৰি দিয়ে যে চীনে বিশ্বত আধিপত্য বিস্তাৰ কৰিছে আৰু সেয়া অস্বীকাৰ কৰাৰ কোনো উপায় নাই।

লগতে পঢ়ক: চীনত প্ৰতিবাদৰ মুখ ‘টেংক লেডী’! ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “চীনে আমাৰ মূল্যবোধ আৰু স্বাৰ্থৰ প্ৰতি সৃষ্টি কৰা প্ৰণালীবদ্ধ প্ৰত্যাহ্বানক আমি স্বীকাৰ কৰিব লাগিব। এই প্ৰত্যাহ্বানটো অধিক তীব্ৰ হৈ উঠিছে। চীনে বৃহত্তৰ স্তৰত আধিপত্যবাদৰ দিশে আগবাঢ়িছে।‘’

ভাষণত ঋষিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু জাপানৰ দৰে মিত্ৰশক্তিৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

উল্লেখ্য যে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনৰ সময়ত চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্ক ভাল আছিল। তাৰ পিছত সম্পৰ্কৰ অৱনতি ঘটিছে। ঋষিৰ পূৰ্বসূৰী লিজ ট্ৰাছে চীনক ব্ৰিটেইনৰ বাবে এক “ভাবুকি” বুলি অভিহিত কৰিছিল। এইবাৰ ঋষিয়ে চীনক ‘প্ৰণালীবদ্ধ প্ৰত্যাহ্বান’ বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: কৰোনাৰ নতুন আতংক! এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান

ঋষি আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে শেহতীয়াকৈ জি-২০ সন্মিলনত মিলিত হোৱাৰ কথা আছিল। সেই বৈঠক পিছত বাতিল কৰা হৈছিল। পোলেণ্ডত মিছাইল বিস্ফোৰণক বৈঠক বাতিল কৰাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছিল।