NORTHEAST NOW (Assamese)

মানুহ দেখিলেই কয় অশ্লীল কথা, আইছ’লেছন কেম্পলৈ প্ৰেৰণ ৫ টা ভাটৌক!

October 1, 2020 6:26 pm · এন ই নাও নিউজ
Updated: October 1, 2020 6:27 pm

ৰজা আৰু ভাটৌ চৰাইৰ সাধুটো পঢ়া হয়তো বহুতৰে মনত আছে।

এদিন ৰজাই ফুৰিবলৈ যাওঁতে এটা ভাটৌ চৰায়ে বৰ বেয়া ভাষা কোৱা শুনিলে।

আন এদিনাখন আকৌ ৰজাই আন এটা ভাটৌ চৰায়ে সুন্দৰকৈ আহক বহক বুলি শিষ্টাচাৰ ভৰা বাক্য কোৱা শুনিলে।

দৰাচলতে পৰিবেশৰ প্ৰভাৱতে ভাটৌ চৰাই দুটাৰ বাক্য বেলেগ বেলেগ হৈছিল।

https://www.facebook.com/permalink.php?story_fbid=3386679071368860&id=257906397579492

এতিয়া ৰজাৰ দিন নাই যদিও পৰিবেশৰ প্ৰভাৱতে বেয়া কথা কবলৈ শিকা ভাটৌ চৰাই পিছে থকাৰ কথা প্ৰমাণ হৈছে।

ইংলেণ্ডৰ লাংকশ্বায়াৰ ৱাইল্ড পাৰ্কত থকা পাঁচটা ভাটৌ চৰাইৰ বাবে এতিয়া লাজত পৰিবলগীয়া হৈছে উদ্যান খনলৈ ফুৰিবলৈ যোৱা বহু দৰ্শক।

মানুহ দেখিলেই উদ্যান খনৰ পাঁচটা ভাটৌ চৰায়ে আৰম্ভ কৰে বেয়া শব্দ কবলৈ।

ভাটৌ কেইটাৰ উৎপাত সহিব নোৱাৰি বহু দৰ্শকে উদ্যান কৰ্তৃপক্ষক এই বিষয়ে অভিযোগ দাখিল কৰে।

উদ্যান কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত চলাই প্ৰমাণ পায় যে ভাটৌ কেইটাই সঁচাকৈয়ে মানুহ দেখিলেই বেয়া কথা কবলৈ আৰম্ভ কৰে।

উপায়ন্তৰ হৈ উদ্যান কৰ্তৃপক্ষই ভাটৌ কেইটাৰ ভাষা সংশোধনৰ বাবে সিঁহতক আইছ’লেচন কেম্পলৈ প্ৰেৰণৰ দিহা কৰিছে।

Related News