ভূতবাংলোত পৰিণত অসম চৰকাৰৰ এটা প্ৰতিষ্ঠান; কেবল দৰমহাৰ বাবেহে কাৰ্যালয়লৈ আহে কৰ্মচাৰী

6c7a0ad1-64e3-4779-8de4-3042743409aa

ভুতবাংলোত পৰিণত ব্ৰইলাৰ কুকুৰা উৎপাদন ফাৰ্ম। ফটো: নৰ্থইষ্ট নাও

ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ মাংস আৰু কণীৰ চাহিদা। এই বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহি:ৰাজ্যৰ একাংশ ব্ৰইলাৰ মুৰ্গীৰ মাংস উৎপাদনকাৰী কোম্পানীৰ পৃষ্ঠপোষকতাতেই ৰাজ্যত এতিয়া গঢ় লৈ উঠিছে ব্ৰইলাৰ মুৰ্গী আৰু কণী উৎপাদনকাৰী বহু ফাৰ্ম।

চাহিদা পূৰণৰ বাবে বহি:ৰাজ্যৰ পৰা আজি অধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে ব্রইলাৰ আৰু কণী।

ইয়াৰ সমান্তৰালভাৱে ২০১৫ চনৰ পৰা বন্ধ হৈ আছে বীৰুবাৰীস্থিত অসম চৰকাৰৰ আঞ্চলিক ব্ৰইলাৰ-কুকুৰা উৎপাদন তথা প্ৰদৰ্শিত ফাৰ্ম।

ফাৰ্মখনৰ কৰ্মচাৰী বনৰছাদ আলিয়ে কয়, ‘’২০১২ চনৰ পৰা ফাৰ্মখন উৎপাদন বন্ধ হোৱাৰ আগলৈকে বনৰজা প্ৰজাতি কুকুৰাৰ উৎপাদন কৰি তাৰ পৰা দৈনিক ৩৫০ টাৰ পৰা ৭০০টালৈ কণী উৎপাদন কৰা হৈছিল। লগতে বহু আত্মসহায়ক গোটক স্বাৱলম্বী হোৱাৰ বাবে বনৰজাৰ কুকুৰা পোৱালি ৯:১কৈ (মতা-মাইকী হিচাপত) দিয়া হৈছিল।‘’

‘’২০১৬ নিৰ্বাচনৰ পূৰ্বে ফাৰ্ম কৰ্তৃপক্ষৰ হাতত জমা থকা সকলো ধন বিভাগে ঘূৰাই লয়। তাৰ পাছৰে পৰা ফাৰ্মখনৰ সকলো উৎপাদন বন্ধ হৈ আছে,’’- আলিয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে তেওঁ উল্লেখ কৰে, ‘’২০১৬ চনত চৰকাৰে পুনৰ কুকুৰা উৎপাদন কৰাৰ বাবে নতুনকৈ চাৰিটা গৃহ নিৰ্মাণ কৰিছিল।‘’

কিন্তু আজিলৈকে বিভাগে কুকুৰা উৎপাদনৰ বাবে প্ৰয়োজনীয় ধন মুকলি কৰি নিদিয়াৰ ফলত এতিয়া হাবি-জংঘলৰ মাজতে আবদ্ধ হৈ আছে নতুন গৃহসমূহ।

তাৎপয্যপূৰ্ণ কথাটো হ’ল যে বৰ্তমান ফাৰ্মখন বন্ধ হৈ থকাৰ বাবে কৰ্মচাৰীসকলে কেৱল দৰমহাৰ বাবেহে কাৰ্যলয়লৈ আহিব লাগে। প্ৰকৃততে কুকুৰা ফাৰ্মখনত কৰ্মচাৰীৰ কোনো কামেই নাই।

মুঠ ১২জন কৰ্মচাৰী থকা ফাৰ্ম খনত আছে এজন সহকাৰী সঞ্চালক, দুজন গৱেষণা বিষয়া, এজন জ্যেষ্ঠ সহায়ক আৰু এজন কনিষ্ঠ সহায়ক, এজন ক্ষেত্ৰ সহায়ক, দুজন নৈশ চকীদাৰ, তিনিজন কুকুৰা প্ৰতিপালক আৰু এজন পিয়ন।

আনহাতে, বিষয়টো সন্দৰ্ভত পশুধন বিভাগৰ সহকাৰী সঞ্চালক জ্যোতি বিকাশ কলিতাই সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে।