International space station মহাকাশত ভাঙি পৰিল টয়লেট; একেৰাহে ২০ ঘন্টা ডায়েপাৰ পিন্ধি ৰ’ল মহাকাশচাৰী

International Space Station

International space station আন্তৰ্জাতিক মহাকাশ ষ্টেশ্যন (International Space Station)ত টয়লেট ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছে। ফলত স্বাভাৱিকতে বিপাঙত পৰিছে মহাকাশ ষ্টেশ্যনত থকা মহাকাশচাৰীসকল।

মহাকাশচাৰীসকলে একেৰাহে ২০ ঘন্টা ডায়েপাৰ পিন্ধি থাকিবলগীয়া হৈছে। তাৰ মাজত আছে নাছাৰ মহাকাশচাৰী মেগান মেকআৰ্থাৰো।

শনিবাৰে পুৱাই নাছাৰ ফালৰ পৰা এই খৱৰ সদৰী কৰা হৈছে।

নাছাই জানিবলৈ দিয়া মতে টয়লেট ভাঙি পৰাৰ ফলত পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাত প্ৰদক্ষিণ কৰা মহাকাশ ষ্টেশ্যনত চাৰিজন মহাকাশচাৰীয়ে একেৰাহে ২০ ঘন্টা ডায়েপাৰ পিন্ধি আছে।

Also Read: Aryan Khan Drugs case আৰিয়ান খান ড্ৰাগছৰ গোচৰৰ দায়িত্ব পোৱা NCBৰ বিষয়া কোন এই সঞ্জয় সিং? চাওক সৱিশেষ

অস্বস্তিত সময় কটাবলগীয়া হোৱা এই মহাকাশ চাৰিজনৰ ভিতৰত আছে জাপান এৰ’স্পেছ এক্সপ্ল’ৰেশ্যন এজেন্সিৰ আকিহ’কো হোছিদে, নাছাৰ শ্বেন কিমব্ৰো আৰু মেকআৰ্থাৰ আৰু ইউৰোপীয়ান স্পেছ এজেন্সিৰ থমাছ পেছকাট।

এই মহাকাশ চাৰিজনে বিগত ছয়মাহ ধৰি মহাকাশত আছিল। তেওঁলোক বিভিন্ন গৱেষণাৰ কামত তাত আছিল আৰু এইবাৰ পৃথিৱীলৈ ঘৰি অহাৰ কথা।

Also Read: Climate Change : জলবায়ু পৰিবৰ্তনৰ ভয়াৱহ প্ৰভাৱ : কাৰ্বি আংলঙত হ্ৰাস পাইছে সুমথিৰাৰ উৎপাদন, অসহায় খেতিয়ক

এলন মাস্কৰ স্পেছ এক্স-ৰ ক্ৰু-২ মিছন ৰকেটেৰে মহাকাশচাৰী চাৰিজনক ওভোতাই অনাৰ কথা আছিল যদিও বতৰ অতি বেয়া হোৱাৰ বাবে ফ্ল’ৰিডাৰ কেপ কেনাভেৰালৰ পৰা কোনোমতে উৎক্ষেপন কৰা সম্ভৱ হোৱা নাই স্পেছ এক্স-ৰ ৰকেট।

সেয়ে, এনে অৱস্থাত ডায়েপাৰ পিন্ধিয়ে পৃথিৱীলৈ ওভোতাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে চাৰি মহাকাশচাৰীয়ে।