NORTHEAST NOW (Assamese)

পাশৱিক! কন্যা সন্তানৰ সমুখতে মাতৃক হাত-ভৰি বান্ধি ধৰ্ষণ প্ৰতিৱেশীৰ

September 21, 2024 10:16 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 21, 2024 2:11 pm

মহাৰাষ্ট্ৰত সৃষ্টি হৈছে আন এক ৰোমহৰ্ষক ধৰ্ষণকাণ্ড। মহাৰাষ্ট্ৰৰ থানেত এটা পাষণ্ডই কন্যা সন্তানৰ সমুখতে এগৰাকী মাতৃৰ হাত ভৰি বান্ধি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।  ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। এই ঘটনাক লৈ মহাৰাষ্ট্ৰত আলোড়নৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি নিশা প্ৰায় এঘাৰ বজাত অভিযুক্তই জোৰকৈ ভুক্তভোগীৰ ঘৰত প্ৰৱেশ কৰে। Ṭসেই সময়ত ৩০ বছৰীয়া ভুক্তভোগী মহিলাগৰাকীৰ সৈতে তেওঁৰ ৩ বছৰীয়া কন্যাও আছিল।

অভিযুক্তই মহিলাগৰাকীৰ হাত-ভৰি বান্ধি শিশুটিৰ সন্মুখতে ধৰ্ষণ কৰে। লগতে মহিলাগৰাকীয়ে বাধা দিবলৈ চেষ্টা কৰোতে অভিযুক্তই মহিলাগৰাকীক মাৰপিট কৰে। ধৰ্ষণ কাণ্ড সংঘটিত কৰি অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

যোৱা কিছুদিন ধৰি আৰক্ষীয়ে অভিযুক্ত যুৱকজনক বিচাৰি আছিল। অৱশেষত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ বয়স ৩৮ বছৰ। 

যোৱা দেওবাৰে থানাত ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীয়ে।

Related News