NORTHEAST NOW (Assamese)

টীয়কত কৰ্তব্যৰত আৰক্ষীক মাৰধৰ কৰি গ্ৰেপ্তাৰ বিএছএফ জোৱানসহ তিনিজন

June 12, 2021 4:27 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত আজি কৰ্তব্যৰত অৱস্থাত থকা এজন আৰক্ষীক, বি এছ এফৰ জোৱান পৰমা গগৈৰ লগতে তেওঁৰ বন্ধু কুসুম গগৈ আৰু জ্ঞানদীপ হাজৰিকাই মাৰধৰ কৰে।

জানিব পৰা মতে মদ্যপান কৰি তিনিও বন্ধু এখন মটৰ চাইকেলত গৈ থকা অৱস্থাত জাঁজীত কৰ্তব্যৰত আৰক্ষীয়ে সোধপোচৰ বাবে ৰখোৱাত খড়্গহস্ত হৈ তিনিওজনে আক্ৰমণ কৰে কৰ্তব্যৰত আৰক্ষীক ।

দলটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় প্ৰণৱ গগৈ নামৰ আৰক্ষী জোৱান জন।
অৱশ্যে পিচত টীয়ক আৰক্ষীয়ে অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰিছে।

Related News