বিশ্বৰ আটাইতকৈ বয়সীয়াল মতা চিম্পাঞ্জীটোৰ মৃত্যু ঘটিছে।
মানুহৰ দৰেই বহু আচৰণ কৰা কব্বী নামৰ মতা চিম্পাঞ্জীটোৱে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
ছান ফ্ৰান্সিছকোৰ চিৰিয়াখানাত আজি কব্বীৰ মৃত্যু ঘটাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে চিৰিয়াখানা খনৰ বিষয়া-কৰ্মচাৰীসকল।মৃত্যুৰ সময়ত কবিৰ বয়স হৈছিল ৬৩ বছৰ।
১৯৬০ চনত কব্বী নামৰ মতা চিম্পাঞ্জীটোক ছান ফ্ৰান্সিছকোৰ চিৰিয়াখানালৈ অনা হৈছিল।
তেতিয়াৰে পৰাই চিম্পাঞ্জীটোৱে চিৰিয়াখানালৈ অহা দৰ্শক সকলক নানান কাৰুকাৰ্যৰে মনোৰঞ্জন প্ৰদান কৰি আহিছিল। চিম্পাঞ্জীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বৃদ্ধাৱস্থাৰ বাবেই চিম্পাঞ্জীটোৰ মৃত্যু ঘটা বুলি চিৰিয়াখানা কৰ্তৃপক্ষই ধাৰণা কৰিছে।
উল্লেখ্য চোৰাং চিকাৰীৰ দৌৰাত্মৰ বাবেই আফ্ৰিকাৰ হাবিত এতিয়া চিম্পাঞ্জীৰ সংখ্যা কমি আহিছে। বন্য অৱস্থাত একোটা চিম্পাঞ্জীৰ গড় আয়ূস ৩৩ বছৰ হয় যদিও মানুহৰ যত্নত থকা চিম্পাঞ্জীৰ বয়স কমেও ৫০-৬০ বছৰ হোৱা দেখা যায়।
এইক্ষেত্ৰত কব্বী নামৰ চিম্পাঞ্জীটো ব্যতিক্ৰম হিচাবে বিবেচিত হৈছে।
কাৰণ কব্বীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩ বছৰ।
উল্লেখ্য যে ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰ্ভেচন অফ নেচাৰ নামৰ সংস্থাটোৱে চিম্পাঞ্জিক পৃথিৱীৰ বিপদাপন্ন প্ৰাণীৰ তালিকাভুক্ত কৰিছে।
চিকাৰ, বাসস্থান হেৰুওৱা আৰু ৰোগাক্ৰান্ত হোৱাৰ বাবে চিম্পাঞ্জীক আফ্ৰিকাৰ আটাইতকৈ বিপদাশংকাত থকা সন্ত্যপায়ী প্ৰাণী হিচাপে চিহ্ণিত কৰা হৈছে।
এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি বনাঞ্চলত বাস কৰা ১ লাখৰ পৰা ২ লাখ চিম্পাঞ্জীৰ গড় আয়ুস হৈছে ৩৩ বছৰ। আনহাতে চিৰিয়াখানত মানৱ যন্তত পালিত চিম্পাঞ্জীৰ গড় বয়স হৈছে ৫০ৰ পৰা ৬০ বছৰ।
চিৰিয়াখানাৰ বিষয়াসকলে প্ৰকাশ কৰা ছান ফ্ৰাঞ্চিস্কোত মৃত্যু হোৱা কব্বী নামৰ চিম্পাঞ্জীটোৱে চিৰিয়াখানাখনত চিম্পাঞ্জীৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল। চিৰিয়াখানাৰ চিম্পাঞ্জী দলটোৰ প্ৰধান নেতা হিচাপে কাম কৰিছিল কব্বীয়ে।
কব্বী নামৰ চিম্পাঞ্জীটোৰ মৃত্যুত শোকাহত হৈ পৰা ছান ফ্ৰান্সিছকো চিৰিয়াখানাৰ কাৰ্যবাহী সঞ্চালক টানিয়া পিটাৰছনে কয় যে কব্বীৰ মৃত্যু চিৰিয়াখানা খনৰ বাবে এক অপূৰণীয় ক্ষতি।
চিৰিয়াখানা খনৰ প্ৰতিগৰাকী কৰ্মীয়ে কব্বীক মনত ৰাখিব বুলিও তেওঁ কয়।