NORTHEAST NOW (Assamese)

সকলোকে চেৰাই দৈনিক ১০জিবি ডেটাৰ BSNL-ৰ অভাৱনীয় প্ৰিপেইড প্লেন

February 11, 2020 5:02 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ একাধিক পদক্ষেপেৰে উজ্জীৱিত কৰিব খোজা বি এছ এন এলে ইয়াৰ গ্ৰাহকলৈ দুটা আকৰ্ষণীয় প্ৰিপেইড প্লেন আগ বঢ়াবলৈ ওলাইছে।

এই প্লেনকেইটা কেৱল ফ’ৰ-জি সেৱাৰ হ’ব।

বি এছ এন এল-এ ইয়াৰ ফ’ৰ-জি সেৱা কেইখনমান নগৰ-মহানগৰতহে মুকলি কৰিছে আৰু এই প্লেনবোৰ উক্ত ঠাইবোৰতহে উপলব্ধ হ’ব।

কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কলকাতা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কৰ্ণাটক, গুজৰাট, চেন্নাই আৰু তামিল নাডুত বৰ্তমান বি এছ এন এলৰ ফ’ৰ-জি সেৱা উপলব্ধ হৈছে।

নতুন ফ’ৰ-জি প্লেন দুটাৰ এটা ৯৬ টকীয়া আৰু আনটো ২৩৬ টকীয়া।

দুয়োটাতে দৈনিক ১০জিবিকৈ ডেটা লাভ কৰিব আৰু কোনো কল আৰু এছ এম এছ বেনিফিট নাথাকিব। দুয়োটাৰ মাজত পাৰ্থক্যটো হ’ল প্ৰথমৰটোৰ বৈধতা ২৮ দিনৰ আৰু আনটোৰ বৈধতা ৮৪ দিনৰ।

নিগমে ঘাইকৈ ইণ্টাৰনেট ছাৰ্ফিঙত ব্যস্ত গ্ৰাহকক লক্ষ্য কৰি এই প্লেন দুটা আগ বঢ়াইছে। ডেটাৰ বেনিফিট আনবোৰ কোম্পানি, যেনে- এয়াৰটেল, ভোদাফোন, জিঅ’তকৈ বেছি।

অৱশ্যে বি এছ এন এলৰ আন এটা ফ’ৰ-জি প্লেন আছে, য’ত ডেটা আৰু কলৰ সুবিধা দুয়োটাই আছে। ২৫১ টকাৰ এই প্লেনটোত গ্ৰাহকে প্ৰতি দিনে ২জিবি ডেটা লাভ কৰে আৰু ইয়াৰ বৈধতা ৫১ দিনৰ।

উল্লেখ কৰিব পাৰি যে ৰাজহুৱা খণ্ডৰ এই টেলিকম নিগমটো ২০০৯ চন মানৰ পৰাই লোকচানৰ সন্মুখীন হৈ আহিছে।

২০১৮-১৯ বিত্তীয় বৰ্ষটোত ইয়াৰ লোকচানৰ সীমাই ১৪০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।

Related News