মুহূৰ্তে মহূৰ্তে চিত্ৰপট সলনি বিটিচিত : আকৌ ক্ষমতাৰ দিশে বিপিএফ, বিপিএফৰ বৃহৎ অগ্ৰগতি, পৰাজয় খাম্ফাৰ

Hagrama-Mahilary-and-Promod-Boro-750x375

তীব্ৰ উৎকণ্ঠাৰ মাজেৰে গণনা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ।

পুৱাৰে পৰা প্ৰায় ২৫ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএলে অগ্ৰগতি লাভ আসনৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পায় ১১ খন হৈছেহি।

পুৱাৰে পৰা ৫ খনৰো কম আসনত অগ্ৰগতি লাভ কৰি থকা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে এই মুহূৰ্ত অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৭ খনলৈ বৃদ্ধি হৈছে। পুনৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে বিপিএফ।

পুৱা ভাগৰ ফলাফল লক্ষ্য কৰি দুপৰীয়ালৈকে ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছিল যে বিটিচিত বিপিএফৰ পতন অনিবাৰ্য।

কিন্তু দুপৰীয়াৰ পিছতে হঠাতে বাজিমাৎ মাৰি সন্ধিয়ালৈ বিপিএফে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৭ খন আসনলৈ বৃদ্ধি পাইছে।

আনহাতে পুৱা ভাগতে মাত্ৰ ৩ খন মান আসনত অগ্ৰগতি লাভ কৰি থকা বিজেপিয়ে এই মুহূৰ্তত ৯ খনলৈ বৃদ্ধি হৈছে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা। উল্লেখ্য যে দুপৰীয়া সময়ত বিজেপিৰ অগ্ৰগতিৰ লাভ কৰা আসনৰ সংখ্যা ১৩ খনলৈ বৃদ্ধি পাইছিল।

সন্ধিয়া ৬.৪০ বজালৈকে বিটিচিত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।  উল্লেখ্য যে ৪০ খন  আসনযুক্ত বিটিচি পৰিষদৰ মেজিক সংখ্যাৰ আসন হৈছে ২১ খন।

আনহাতে, ১৭ বছৰে বিটিচি শাসন কৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ দুয়োটা সমষ্টিতে পিছ পৰি আছে।

হাগ্ৰামাই দুপৰীয়া তেওঁৰ নিজা সমষ্টি দেৱৰগাঁওত ২,৫০০ আৰু কচুগাঁও সমষ্টিতো ২০০ ভোটত পিছ পৰি আছিল যদিও এই মুহূৰ্তত  ক্ৰমে ৫০০ আৰু ১৭০ টা ভোটত অগ্ৰগতি লাভ কৰিছে।

বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাফ্মা বৈগয়াৰীয়ে চিৰাঙদুৱাৰ সমষ্টিত পৰাজয় কৰিছে য়ুপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেংগাদাও) হাতত। অৱশ্যে বৰ্তমানলৈকে নিৰ্বাচন আয়োগে আনুষ্ঠানিক ঘোষণা কৰা নাই।

দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে কোকলাবাৰী  সমষ্টিত গণ সুৰক্ষা মঞ্চৰ প্ৰাৰ্থী হাতত প্ৰায় ৫ হাজাৰো অধিক ভোটত পিছ পৰি আছে। আনহাতে গয়বাৰী সমষ্টিত ৪ হাজাৰো ভোটৰ ওপৰত আগবাঢ়ি আছে প্ৰমোদ বড়োৱে। আনহাতে প্ৰাক্তন এনডিএফবি নেতা তথা য়ুপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জয়লাভ কৰিছে।

এই মুহূৰ্তলৈকে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰজোঁটে ১, নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিয়ে ১ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ আসনত অগ্ৰগলতি লাভ কৰি আছে।