বি টি আৰ চুক্তি জিৰ’, কাৰ্য্যকৰী নহয়: হাগ্ৰামা মহিলাৰী

BTR agreement is zero: Hagrama Mohilari

বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে বি টি আৰ চুক্তিক জিৰ’ বুলি অভিহিত কৰিছে।

“বিটিআৰ চুক্তি জিৰো৷ এই চুক্তিত বড়োসকলৰ নিৰাপত্তাৰ কথাহে আছে৷ বাকী জনগোষ্ঠীৰ একো কথা নাই৷ বিটিআৰ চুক্তিত আন জনগোষ্ঠীৰ সমান অধিকাৰ নাই৷ কিন্ত বিটিচি চুক্তিত সকলো জাতি-জনগোষ্ঠীৰ কথা উল্লেখ আছে৷ বিটিআৰ চুক্তিয়ে বড়ো জাতিক ধ্বংস কৰিব৷ বিটিআৰ চুক্তি কোনোপধ্যেই কাৰ্যকৰী নহয়,’’ এই মন্তব্য বিটিচিৰ প্ৰাক্তন মুৰব্বী মহিলাৰীৰ।

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গয়বাৰী ব্লক বিপিএফৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন দলত যোগদান সভাৰ অন্তত সাংবাদিকৰ আগত তেওঁ এই মন্তব্য কৰে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে পুনৰ কয় যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল, বিজেপি আৰু নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিৰ ফলাফল হব শূন্য।

ইয়াৰ বিপৰীতে বিটিচিৰ ৪০টা সমষ্টিৰ ৪০টাতেই বিপিএফ দলৰ মনোনীত প্ৰাৰ্থীয়ে জয়লাভ কৰি পুনৰবাৰ বিপিএফ দলেই কোকৰাঝাৰৰ মছনদ দখল কৰিব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে।

তেওঁ পুনৰ কয় যে গয়বাৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত৷ ককলাবাৰীতো জয় নিশ্চিত বিপিএফ দলৰ প্ৰাৰ্থীৰ।

ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰা দুখন আসনৰ এখন আসনতো জয়লাভ কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে।

ইপিনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অহা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিপিএফ দলে কোনটো ৰাজনৈতিক দলৰ লগত থাকিব সেয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ পিছতহে ক’ব পৰা যাব বুলি মহিলাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে এই সভাত বাগসা জিলা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি ৰাম চৰণ ডেকাৰ নেতৃত্বত ৪২গৰাকী সতীৰ্থই বিপিএফ দলত যোগদান কৰে।

ইয়াৰ উপৰি ১১০গৰাকী প্ৰাক্তন আছুকৰ্মীসহ অন্যান্য দল-সংগঠনৰ মুঠ ১৭৮গৰাকী লোকে হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে আঁত ধৰা সভাখনত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী, বিজিৎ গৌৰা নাৰ্জাৰী, মহেশ্বৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক তথা গয়বাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী চণ্ডী বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, বিপিএফ নেতা মদাইগিৰি বড়ো, জাৰমল ব্ৰহ্ম, মৃদুল ব্ৰহ্ম আদিকে ধৰি কেইবাজনো বিপিএফ নেতা-কৰ্মী উপস্থিত থাকে।