অতি শীঘ্ৰে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত তামুলপুৰত আজি তামুলপুৰ জিলা বিপিএফৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।
তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা তামুলপুৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল উলিওৱা হয়।
সমদলকাৰীসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ-প্লেকাৰ্ড আদি লৈ বিটিচিত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰক, আমাক নিৰ্বাচন লাগিবই, উই ৱাণ্ট জাষ্টিছ, গণতন্ত্ৰক ৰক্ষা কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।
দুই সহস্ৰাধিক বিপিএফৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰা সমদলটোত সমদলকাৰীসকলে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে প্ৰতিবাদী আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দি ৰাজ্যপালৰ শাসন শেষ হোৱাৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।
আজি এই প্ৰতিবাদী সমদলটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে বিপিএফ দলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।
পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত বিজেপিয়ে গণতন্ত্ৰক কবৰ দিবলৈ ওলাইছে। সেই কাৰণে ”চেভ ডেম’ক্ৰেচী” শ্লোগানেৰে অতি শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এই প্ৰতিবাদী সমদল উলিওৱা হৈছে বুলি মহেশ্বৰ বসুমতাৰীয়ে মন্তব্য কৰে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ২৯নং শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ বিপএফ দলৰ প্ৰাৰ্থী গণেশ কছাৰীয়ে কয় যে অতি সম্প্ৰতি বিপিএফ দলৰ উত্থানত বিজেপি দল শংকিত হৈ বিপিএফ দলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু এই পৰ্যন্ত বিটিআৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস গোটাব পৰা নাই বিজেপি দলে।
বিটিআৰ চুক্তি কাৰ্যকৰীকৰণ কৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ অন্তৱৰ্তীকালীনভাৱে পৰিষদ গঠন কৰাৰ বাবেও বিজেপি দলে ষড়যন্ত্ৰ কৰা বুলিও বিপিএফ নেতা গণেশ কছাৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
বিটিআৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও তেওঁ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনায়।
ইপিনে বিপিএফ দলৰ প্ৰতিবাদী সমদলটোত অংশ গ্ৰহণ কৰি তামুলপুৰ জিলা বিপএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে শীঘ্ৰেই বিটিআৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনায়।
তেওঁ কয় যে বিহাৰত নির্বাচন অনুষ্ঠিত কৰাৰ যোজা কৰাৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। তেনেস্থলত অসমৰ বিটিচিত নিৰ্বাচন পিছুৱাই থকাটো বিজেপি দলৰ বিপিএফ দলৰ বিৰুদ্ধে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ।
কৰোনাৰ দোহাই দি বিটিআৰ নিৰ্বাচন পিছুৱাই বিপিএফ দলৰ বিৰুদ্ধে বিজেপি দলে যি ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে সেয়া কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। সেয়ে বিটিচিত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেশৱ ৰাজবংশীয়েও ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনায়।
আজিৰ প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰি ২৬ নং দৰংগাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী, ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী চণ্ডী বাসুমতাৰী, ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় তথা বিপিএফ সমৰ্থিত প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাস উপস্থিত থাকি ৰাজ্যপাল শাসন সমাপ্তি হোৱাৰ পূৰ্বে বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তীব্ৰ দাবী জনায় আৰু গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।
আজিৰ প্ৰতিবাদী সমদলত কেন্দ্ৰীয় যুৱ বিপএফৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ কাৰ্যকৰী সভাপতি আদিত্য সিংহ, সম্পাদক উপেন বসুমতাৰীৰ লগতে জিলা বিপিএফ, তামুলপুৰ ব্লক বিপিএফ আৰু নাগ্ৰীজুলি ব্লক বিপিএফৰ বিষয়-ববীয়া উপস্থিত থাকে।
সমদলকাৰীসকলে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি গৰাকীৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচনী আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।