• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিআৰত নিৰ্বাচনৰ দাবীত তামুলপুৰত বিপিএফৰ প্ৰতিবাদ

মুখ্য মন্ত্ৰী আৰু নিৰ্বাচনী আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 28, 2020 6:30 pm
BTR: BPF protests in Tamulpur, demands election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত তামুলপুৰত আজি তামুলপুৰ জিলা বিপিএফৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা তামুলপুৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল উলিওৱা হয়‌।

Apply Now

সমদলকাৰীসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ-প্লেকাৰ্ড আদি লৈ বিটিচিত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰক, আমাক নিৰ্বাচন লাগিবই, উই ৱাণ্ট জাষ্টিছ, গণতন্ত্ৰক ৰক্ষা কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

দুই সহস্ৰাধিক বিপিএফৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰা সমদলটোত সমদলকাৰীসকলে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে প্ৰতিবাদী  আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দি ৰাজ্যপালৰ শাসন শেষ হোৱাৰ পূৰ্বে বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।

আজি এই প্ৰতিবাদী সমদলটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে বিপিএফ দলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত  বিজেপিয়ে গণতন্ত্ৰক কবৰ দিবলৈ ওলাইছে। সেই কাৰণে ”চেভ ডেম’ক্ৰেচী” শ্লোগানেৰে অতি শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত এই প্ৰতিবাদী সমদল উলিওৱা হৈছে বুলি মহেশ্বৰ বসুমতাৰীয়ে মন্তব্য কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ২৯নং শুক্লাই চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ বিপএফ দলৰ প্ৰাৰ্থী গণেশ কছাৰীয়ে কয় যে অতি সম্প্ৰতি বিপিএফ দলৰ উত্থানত বিজেপি দল শংকিত হৈ বিপিএফ দলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু এই পৰ্যন্ত বিটিআৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস গোটাব পৰা নাই বিজেপি দলে।

বিটিআৰ চুক্তি কাৰ্যকৰীকৰণ কৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ অন্তৱৰ্তীকালীনভাৱে পৰিষদ গঠন কৰাৰ বাবেও বিজেপি দলে ষড়যন্ত্ৰ কৰা বুলিও বিপিএফ নেতা গণেশ কছাৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

বিটিআৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও তেওঁ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনায়।

ইপিনে বিপিএফ দলৰ প্ৰতিবাদী সমদলটোত অংশ গ্ৰহণ কৰি তামুলপুৰ জিলা বিপএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে শীঘ্ৰেই বিটিআৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনায়।

তেওঁ কয় যে বিহাৰত নির্বাচন অনুষ্ঠিত কৰাৰ যোজা কৰাৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। তেনেস্থলত অসমৰ বিটিচিত নিৰ্বাচন পিছুৱাই থকাটো বিজেপি দলৰ বিপিএফ দলৰ বিৰুদ্ধে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ।

কৰোনাৰ দোহাই দি বিটিআৰ নিৰ্বাচন পিছুৱাই বিপিএফ দলৰ বিৰুদ্ধে বিজেপি দলে যি ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে সেয়া কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। সেয়ে বিটিচিত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেশৱ ৰাজবংশীয়েও ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনায়।

আজিৰ প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰি ২৬ নং দৰংগাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী, ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী চণ্ডী বাসুমতাৰী, ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় তথা বিপিএফ সমৰ্থিত প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাস উপস্থিত থাকি ৰাজ্যপাল শাসন সমাপ্তি হোৱাৰ পূৰ্বে বিটিআৰত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তীব্ৰ দাবী জনায় আৰু গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

আজিৰ প্ৰতিবাদী সমদলত কেন্দ্ৰীয় যুৱ বিপএফৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ কাৰ্যকৰী সভাপতি আদিত্য সিংহ, সম্পাদক উপেন বসুমতাৰীৰ লগতে জিলা বিপিএফ, তামুলপুৰ ব্লক বিপিএফ আৰু নাগ্ৰীজুলি ব্লক বিপিএফৰ বিষয়-ববীয়া উপস্থিত থাকে।

সমদলকাৰীসকলে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি গৰাকীৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচনী আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd