অভিশপ্ত ৩০ অক্টোৱৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মুল অভিযুক্ত ৰঞ্জন দৈমাৰীক আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ বিহা ঘটনাই বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
বিটিআৰ প্ৰধান প্ৰমোদ বড়োই আজি সাংবাদিকৰ আগত ৰঞ্জন দৈমাৰীৰ ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’আমি আশা কৰিছিলো এটা যোগাত্মক খবৰ আহিব ৷ যিহেতু এটা শান্তি প্ৰক্ৰিয়াত জড়িত হৈছিল ৰঞ্জন দৈমাৰী ৷ এইক্ষেত্ৰত মহামান্য আদালতৰ শাস্তিৰ ৰায়কলৈ অসম চৰকাৰৰ সতে কথা পাতিম।‘’
‘’আমি বিচাৰো ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত আহক আৰু সমাজৰ লগত থাকি কাম কৰক ৷ ইয়াৰ বাবে শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰিম,’’-প্ৰমোদ বড়োৱে কয় ৷
তেওঁ লগতে আৰু কয় যে আদালত বেলেগ বিষয় আৰু শান্তি প্ৰক্ৰিয়া বেলেগ বিষয়৷ গতিকে ন্যায়পালিকাই ন্যায়পালিকাৰ কাম কৰি যাব আৰু আমি চৰকাৰৰ সতে বহি আইনী প্ৰক্ৰিয়াৰ সমাধান কেনেকৈ কৰা যায় তাৰ বাবে কাম কৰিম বুলি উল্লেখ কৰে বড়োৱে ৷
ইপিনে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক যাবজ্জীৱন কাৰাদণ্ড বিহাক লৈ দুখিত প্ৰাক্তন এনডিএফবিৰ(প্ৰ)ৰ সভাপতি তথা বিটিআৰ উপ-মুখ্য কাৰ্যৱাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী ৷ তেওঁ কয় যে আশাকৰা ধৰণে ৰায় নহ’ল ৷ তথাপিও ৰঞ্জন দৈমাৰীৰ শাস্তি লাঘবৰ আলোচনা কৰা হ’ব বুলি কয় বসুমতাৰীয়ে।
সেইদৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা প্ৰাক্তন এনডিএফবিৰ (এছ) সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে ৷ বসুমতাৰীৰ ভাষ্য আমি কেতিয়াও এনেকুৱা ৰায় আশা কৰা নাছিলোঁ ৷