NORTHEAST NOW (Assamese)

গুণ্ডাগিৰি! বন্দে ভাৰতত যাত্ৰীক মাৰপিট বিজেপি বিধায়কৰ; ভাইৰেল ভিডিঅ’ই জোকাৰিছে সামাজিক মাধ্যম

June 24, 2025 5:45 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 24, 2025 5:58 pm

বন্দে ভাৰত এক্সপ্ৰেছৰ ডবাত এজন যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীৰ বিজেপি বিধায়ক ৰাজীৱ সিং পাৰিচাৰ বিৰুদ্ধে। ইতিমধ্যে এই মাৰপিটৰ ভিডিঅ’ই সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি কৰিছে।

এই ঘটনাক লৈ উত্তৰ প্ৰদেশ বিজেপি নেতৃত্বই তেওঁক কাৰণ দেখুৱাৰ জাননী প্ৰেৰণ কৰিছে। ৰেলখনৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে ক্ষোভ আৰম্ভ হৈছে।

যোৱা ১৯ জুনত ঝান্সী ষ্টেচনত সংঘটিত হৈছিল এই ঘটনা। নতুন দিল্লীৰ পৰা ভোপাললৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ ডবাত থকা ৰাজকীশোৰ নামৰ এজন লোকক কেইবাজনো লোকে প্ৰহাৰ কৰে। সেই মুহূৰ্তৰ ১৮ ছেকেণ্ডৰ এটা ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅটোত বিধায়ক পাৰিচাক ওচৰতে থিয় হৈ থকা দেখা গৈছে আৰু সমগ্ৰ ঘটনা তেওঁৰ উপস্থিতিত ঘটি আছে।

জানিব পৰা মতে, বিধায়ক ৰাজীৱ সিং পাৰিচাই পত্নী কামলী সিং (৫০ নং আসন) আৰু পুত্ৰ শ্ৰেয়ংস সিং (৫১ নং আসন)ৰ সৈতে যাত্ৰা কৰিছিল। কিন্তু ৪৯ নং আসনখন আছিল যাত্ৰী ৰাজকীশোৰৰৰ। বিধায়ক পাৰিচাই ৰাজকীশোৰক সেই আসন সলনি কৰিবলৈ অনুৰোধ জনায়। ইফালে ৰাজকীশোৰে সন্মতি নিদিয়াত উত্তেজিত হৈ উঠে বিধায়কগৰাকী।

ঝান্সী ষ্টেচনত ৰেলখন ৰৈ যোৱাৰ লগে লগে বিধায়কজনৰ লগত থকা একাংশ লোকে ৰেলখনত উঠি ৰাজকীশোৰক প্ৰহাৰ কৰে। ভিডিঅটোত এই কথা স্পষ্টকৈ দেখা গৈছে।

ঘটনাৰ পিছতে বিজেপিৰ উত্তৰ প্ৰদেশ ইউনিটৰ সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই বিধায়ক পাৰিচালৈ কাৰণ দেখুওৱাৰ জাননী প্ৰেৰণ কৰে। তাত লিখা আছিল, “এই কাণ্ডটো গুৰুতৰ অনুশাসন ভংগৰ অধীনত পৰে। অনুগ্ৰহ কৰি সাত দিনৰ ভিতৰত লিখিত ব্যাখ্যা দিয়ক।”

এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতো এক বৃহৎ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ মুখপাত্ৰ মুকেশ নায়কে ইনষ্টাগ্ৰামযোগে এই ঘটনাক গৰিহণা দি কয়, ‘এয়া বিজেপিৰ ‘সুশাসনৰ নিদৰ্শন নেকি?

ইফালে ৰাজীৱ পাৰিচাই দাবী কৰিছে যে যাত্ৰীজনে ‘অশ্লীল আচৰণ আৰু ‘বিৰক্তিৰ সৃষ্টি কৰিছিল। এই মাৰপিটত মোৰ কোনো ভূমিকা নাছিল।

Related News