বাম্পাৰ অফাৰ! বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰাজ্য চৰকাৰে দিব বিশেষ ৰেহাই

E-car

বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে দিব বিশেষ ৰেহাই।

পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জীৱাশ্ম ইন্ধন চালিত বাহন বাতিলকৰণৰ লক্ষ্যৰে অসম চৰকাৰে বৈদ্যুতিক বাহন নীতি-২০২১ৰ অধীনত গ্ৰহণ কৰিছে কেতবোৰ অভিলাষী আৰু সুদূৰপ্ৰসাৰী আঁচনি গ্ৰহণ কৰিছে।

বৈদ্যুতিক বাহনৰ প্ৰথম ব্যৱহাৰকাৰী আৰু উপযুক্ত পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। য’ত নেকি পঞ্জীয়ন মাচুল ১০০ শতাংশ ৰেহাই, পথ কৰ ১০০ শতাংশ ৰেহাই, পাৰ্কিং মাচুল ১০০% ৰেহাই।

ইয়াৰোপৰি, দুচকীয়া বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত ২০,০০০ টকালৈকে ৰাজ সাহায্য।

তিনিচকীয়া বাহনৰ ক্ষেত্ৰত ৫০,০০০ টকালৈকে ৰাজসাহায্য, চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ১.৫ লাখ টকালৈকে ৰাজসাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

ইয়াৰোপৰি, ই ভি চার্জিঙ ষ্টেচনত বিদ্যুৎ শুল্ক ৯০ শতাংশলৈকে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে।

অধিক তথ্য জানিবলৈ industries.assam.gov.in ত লগ ইন কৰিব পাৰিব তথা industry.assam@gov.in লৈ মেইল কৰিব পাৰিব।