বৰপেটাৰ জেএমবি গোটত জড়িত আছিল বর্দ্ধমান বিস্ফোৰণত অভিযুক্ত শ্বাহনুৰ আলম: এন আই এ

JMB-2-1140x570

প্ৰতিনিধিত্বমূলক ফটো

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ)কয় যে বৰ্দ্ধমান বিস্ফোৰণত অভিযুক্ত শ্বাহনুৰ আলম যোৱা বছৰ ডিচেম্বৰ মাহত বৰপেটা জিলাত উৎখাত কৰা জামাত-উল-মুজাহিদীন বাংলাদেশ (জে এম বি)গোটৰ আঁৰত জড়িত আছিল।

এন আই এ শুকুৰবাৰে গুৱাহাটীত এন আই এৰ বিশেষ আদালতত বৰপেটাৰ জে এণ বি গোচৰৰ প্ৰথম পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰাৰ সময়ত এই তথ্য দাঙি ধৰিছে।

জে এম বি ভাৰত আৰু বাংলাদেশত কাৰ্যকলাপ চলাই অহা এটা নিষিদ্ধ ইছসামিক সন্ত্ৰাসবাদী সংগঠন।

চাৰ্জশ্বীটত এন আই এই  বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত হাফিজুৰ ৰহমান আৰু আজাহাৰুদ্দিন আহমেদ নামৰ দুজন অভিযুক্তৰ নাম প্ৰকাশ কৰিছে।

যোৱা বছৰ ৩০ জুলাইত বৰপেটা জিলাত অসম আৰক্ষীয়ে ৰুজু কৰা এজাহাৰৰ পাছত যোৱা বছৰৰ ২১ ডিচেম্বৰত এন আই এই গোচৰটো পুনৰ ৰুজু কৰে।

যোৱা বছৰৰ ৩০ জুলাইত বৰপেটা আৰক্ষীয়ে বৰপেটাৰ কাৰাগাৰিগাঁৱৰ বাসিন্দা হাফিজুৰ ৰহমানৰ ঘৰত এক তালাচী অভিযান চলাইছিল।

তালাচীৰ সময়ত  ৰহমানৰ গৰৰ পৰা এটা দেশীয় ৰিঙ’লভাৰ, চাৰি জাই সজীৱ গুলী আৰু জেহাদীৰ নথিপত্ৰ উদ্ধাৰ কৰিছিল।

সেইদৰে, ৰহমানৰ বিৰুদ্ধে বৰপেটা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।

ৰহমানৰ লগতে জে এম বিৰ প্ৰশিক্ষিত আন সদস্য য়াকুৱ আলী, ছৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান, মহম্মদ হাফিজ ছফিকুল ইছলাম আৰু আজাহাৰুদ্দিন আহমেদকো গ্ৰেপ্তাৰ কৰা হৈছিল।

এন আই এই ইতিমধ্যে যোৱা ২৪ জানুৱাৰিত গোচৰটোৰ পাঁচজন অভিযুক্ত হাফিজুৰ ৰহমান,য়াকুৱ আলী, ছৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান আৰু মহম্মদ হাফিজ ছফিকুল ইছলামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল।

‘’তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত লোককেইজন জে এম বিৰ প্ৰশিক্ষিত সদস্য আছিল। তেওঁলোকক শ্বাহনুৰ আলম ওৰফে বৰপেটাৰ ডক্টৰ নামৰ এজন লোকে নিযুক্ত কৰিছিল। আলমক পূৰ্বে এন আই এই বৰ্দ্ধমান বিস্ফোৰণ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ২০১৪চনৰ ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল,’’-এন আই এই কয়।

এজেন্সিটোৰ মতে, আলমক ইতিমধ্যে বৰ্দ্ধমান বিস্ফোৰণৰ ঘটনাত ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰা আৰু জে এম বিৰ আন সদস্যক প্ৰশিক্ষণ দিয়াৰ অভিযোগত অভিযুক্ত কৰি আঠ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

গোচৰটোৰ অভিযুক্তগৰাকীয়ে বৰপেটাৰ আলমৰ ঘৰত জে এম বিৰ সদস্যক প্ৰশিক্ষণ দিছিল আৰু কেইজনমান অভিযুক্ত পশ্চিমবংগৰ ছিমুলিয়া মাদ্ৰাছাতো প্ৰশিক্ষণ লৈছিল বুলি এন আই এই কয়।

‘’তেওঁলোকে জেএমবিৰ জেহাদী আদৰ্শ সাৰোগত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনাৰে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিছিল,’’-এন আই এই কয়।

‘’গোচৰটোৰ পৰৱৰ্তী তদন্ত অব্যাহত আছে,’’-সংস্থাটোৱে জনায়।