গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ হোৱা মাত্ৰ কেইটামান দিন পাৰ হোৱাৰ পিছতে কালি নিশা গুৱাহাটীৰ উজানবজাৰস্থিত বৰখেলীয়া নামঘৰত সংঘটিত হয় এক চুৰিকাণ্ড।
জানিব পৰা অনুসৰি আজি পুৱা প্ৰায় ৪:৩০ মান বজাত নামঘৰ সৰা মচা কৰিবৰ বাবে অহা অলকা দাস নামৰ মহিলাগৰাকীয়ে নামঘৰৰ তলাটো ভাঙি থকা অৱস্থাত দেখা পাই নামঘৰটোৰ কাষতে থকা নামঘৰ পৰিচালনাৰ দায়িত্বত থকা অৰূপ দাসক খবৰ দিয়ে। পিছত দাসে ততালিকে লতাশিল আৰক্ষীক খবৰ দিয়াৰ লগতে এই সন্দৰ্ভত ঠানাত এখন এজাহাৰো দাখিল কৰে।
উল্লেখযোগ্য যে চোৰে তলা ভাঙি নামঘৰৰ দানপাত্ৰৰত থকা সমস্ত ধনৰ লগতে সোণ ৰূপৰ আ-অলংকাৰো লুটি নিয়ে। নামঘৰ পৰিচালনা কমিটীয়ে জনোৱা মতে দানপাত্ৰটোত প্ৰায় ২০ হাজাৰ টকাৰ লগতে দুডাল সোণৰ চেইন, দুযোৰ সোণ আৰু ৰূপৰ ফুলি আছিল|
নিশা মহানগৰীত কাৰেন্ট নথকা আৰু বৰষুণৰ সুযোগ গ্ৰহণ কৰিয়ে চোৰে চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰে নামঘৰ পৰিচালনা কমিটিৰ কোষাধক্ষ্য অৰূপ দাসে। তেওঁ জনোৱা মতে চোৰে প্ৰথমতে নামঘৰৰ মূল দুৱাৰৰ তলা ভাঙি আৰু তাৰ পাছত বিগ্ৰহ থকা গ্ৰিলৰ তলা ভাঙি লুট-পাত চলায়।
লতাশিল আৰক্ষীয়ে চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।