শোণিতপুৰৰ চাৰিদুৱাৰত ভেন্টিলেটৰ ভাঙি কাপোৰৰ দোকানৰ পৰা চোৰে নিলে ২০ হেজাৰ টকা
প্ৰতিনিধিত্বমূলক ফটো
শোণিতপুৰ জিলাৰ বালিপৰা, চাৰিদুৱাৰ অাদি অঞ্চলত দিনক দিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চোৰৰ উপদ্ৰৱে অঞ্চবাসীৰ নিদ্ৰাহৰন কৰিছে।
দেওবাৰে পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষী নিৱেশৰ পৰা মাত্ৰ কেইহাত মান দুৰতে এক চুৰিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, চাৰিদুৱাৰ কেন্দ্ৰস্থলৰ জীতেন তিৱাৰী নামৰ এজন ব্যৱসায়ীৰ কাপোৰৰ দোকানৰ ভেন্টিলেটৰ ভাঙি চোৰ প্ৰৱেশ কৰি দোকানৰ পৰা কাপোৰৰ উপৰি নগদ ২০,০০০ টকা চুৰি কৰি লৈ যায়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখযোগ্য যে, চাৰিদুৱাৰ-বালিপৰা অঞ্চলত দিনক দিনে চোৰৰ দৌৰাত্ম্য উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহিছে যদিও আৰক্ষীৰ নিৰৱ ভূমিকাত ৰাইজ ক্ষোভিত হৈ পৰিছে।