NORTHEAST NOW (Assamese)

ভাৰতীয় পতাকাৰে উজ্বলি উঠিল বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং ডুবাইৰ বুৰ্জ খালিফা, কিয়?

April 26, 2021 3:13 pm · এন ই নাও নিউজ

ডুবাইস্থিত বিশ্বৰ আটাইটতকৈ ওখ বিল্ডীং ‘বুৰ্জ খালিফা’ উজ্বলি উঠিল ভাৰতীয় পতাকাৰে।

ভাৰতৰ ক’ভিড পৰিস্থিতিৰ স’তে সংগতি ৰাখি মহামাৰিবিধৰ স’তে ভাৰতে দিয়া যুঁজক সমৰ্থন জনাবলৈকে গগণচুম্বি অট্টালিকাটোক এইদৰে তিনিটা ৰং আৰু অশোক চক্ৰৰে উজ্বলাই তোলা হয়।

উল্লেখযোগ্য যে ৮২৯.৮ মিটাৰ উচ্চতাৰ স্কাইক্ৰেপাৰটো বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ বিল্ডিং।

সোমবাৰে প’ষ্ট কৰা এটা টুইটত, আবুধাবিস্থিত ভাৰতীয় দূতাবাসে এটা ১৭ চেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

ভিডিঅ’টোত দেখা যায় যে বুৰ্জ খালিফাত ভাৰতীয় পতাকাৰ উপৰিও #staystrongIndia শীৰ্ষক এটা বাৰ্তাও লিখা হৈছে।

টুইটটোত ভাৰতীয় দূতাবাসে সংযুক্ত আৰৱ এমিৰেটছক ভাৰতৰ বন্ধু হিচাপেও উল্লেখ কৰিছে।

Related News