নিউ বঙাইগাঁও ৰে’লৱে জংচনত কামৰূপ এক্সপ্ৰেছৰ পৰা ৩০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ

ৰাজ্যত অব্যাহত আছে ৰে’লযোগে চুপাৰীৰ অবৈধ সৰবৰাহ ৷

বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা ৰে’লৱে আৰক্ষীয়ে ৩০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে ৷

এই সম্পৰ্কত ৰে’লৱে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এক গোপন সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীৰ এক অভিযানকাৰী দলে নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত চলোৱা অভিযানত এই চুপাৰীখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

চুপাৰীখিনি নাগালেণ্ডৰ ডিমাপুৰত ৰে’লত উঠাইছিল যদিও কলৈ নিব সেয়া জানিব পৰা হোৱা নাই ৷

অৱশ্যে ৰে’লখন যিহেতু হাওড়ালৈকে যাব সেয়ে চুপাৰীখিনি তালৈকে নিব বুলি সন্দেহ কৰিছে ৰে’লৱে আৰক্ষীয়ে ৷

এই সন্দৰ্ভত ৰে’লৱে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ লগতে চুপাৰীখিনি কোনে কঢ়িয়াই আনিছিল সেয়া তদন্ত অব্যাহত ৰাখিছে ৰে’লৱে আৰক্ষীয়ে ৷