NORTHEAST NOW (Assamese)

মহানগৰীৰ ৰাজপথত দাউদাউকৈ জ্বলিল টেংকাৰ

September 18, 2019 5:56 pm · শান্তনু শইকীয়া

বিশ্বকৰ্মা পূজাৰ দিনাই এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে মহানগৰ। মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ন-মাইল গনেশ মন্দিৰৰ সমীপত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।

শ্বৰ্টচাৰ্কিটৰ ফলত দাউ দাউকৈ ৰাজপথতে জ্বলিল এ এছ ০১ এফ চি ২৬১১ নম্বৰৰ এখন টেংকাৰ। জালুকবাৰীৰ পৰা যোৰাবাট অভিমুখে গৈ আছিল টেংকাৰখন।

অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত তাৎক্ষণিকভাৱে বশিষ্ঠ আৰু যোৰাবাট আৰক্ষী উপস্থিত হয়। পিছত ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

জুই লগা টেংকাৰখনত সৌভাগ্যক্ৰমে তেল নথকাৰ বাবে এক বৃহৎ অঞ্চলত জুই লগাৰ পৰা কথমপি ৰক্ষা পৰে। ইফালে টেংকাৰখনত জুই লগাৰ পিছতে ঘটনাস্থলীৰ পৰা টেংকাৰখনৰ পৰা চালক আৰু হেন্দিমেনে পলায়ন কৰে।

Related News