গোৱালপাৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত; মৃতকৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি

Accident Bus

বাছ দুৰ্ঘটনাৰ দৃশ্য

গোৱালপাৰা জিলাৰ ধুপধৰা আৰক্ষী চকীৰ অন্তৰ্গত কুথাকুথিত আজি ৰাতিপুৱা সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি পাইছে।

ভয়ংকৰ দুৰ্ঘটনাটোত ২৯ গৰাকী লোক আহত হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এএছ-০১বিচি-২৮৪৮ নম্বৰৰ এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ তাৰ সংযোগী খুটাত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

অভিশপ্ত যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল।

ভয়ংকৰ দুৰ্ঘটনাটোত পাঁচগৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুগৰাকী যাত্ৰীৰ চিকিৎসালয়ত মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু সেনা বাহিনীৰ দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰী সকলক উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ বিপৰীতে সাধাৰণভাৱে আঘাতপ্ৰাপ্ত সকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।