NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডৰ কোটদ্বাৰত ভয়াৱহ দুৰ্ঘটনা: দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কেইবাগৰাকীও আহত

October 5, 2022 7:08 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 5, 2022 1:47 am

উত্তৰাখণ্ডৰ কোটদ্বাৰ জিলাত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। প্ৰায় ৫০ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা প্ৰায় ৫০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত আহত হৈছে বাছখনত থকা কেইবাগৰাকীও যাত্ৰী।

প্ৰকাশিত খবৰ অনুসৰি এখন বিয়াত অংশ লোৱাৰ উদ্দেশ্যে বাছখন হৰিদ্বাৰ জিলাৰ লালধাঙৰ পৰা পাউৰী জিলাৰ বিৰখল খণ্ডলৈ গৈ আছিল। পাউৰী জিলাৰ ধুমাকোটে অঞ্চলত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাদত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অউদ্ধাৰ অভিযানৰ মাজতে উত্তৰাখণ্ড আৰক্ষীৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰা মতে সেই সময়লৈকে ৯ গৰাকী লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল।

উদ্ধাৰ কৰা ন গৰাকী লোকৰে এগৰাকীৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰি আৰক্ষীয়ে তেওঁক কোটদ্বাৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে। অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰে মৃত্যুৰ খবৰ এইপৰ্যন্ত পোৱা নাই।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰত উপস্থিত হয় আৰু তৎকালীন উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিয়ে।

Related News